লিডুঃ তিনিচুকীয়া জিলাৰ পেঙেৰীৰ বুৰিদিহিং সংৰক্ষিত বনাঞ্চলত শুকুৰবাৰে হাতীৰ গচকত এজন যুৱকৰ কৰুণ মৃত্যুৰ ঘটনাই চাঞ্চ্যকৰ সৃষ্টি কৰিছে৷

মৃত যুৱকজনৰ নাম জয়ৰাম সিং৷ জানিব পৰা মতে, যুৱকজনে বনাঞ্চলত খৰি কাটিবলৈ  গৈ এনেদৰে কৰুণ মৃত্যুক আঁকোৱালি ল'ব লগা হয়৷

জিলাখনৰ ফি'লবাৰী অঞ্চলৰ বাসিন্দা জয়ৰাম সিঙে ফিল'বাৰী সেনা ছাউনিৰ অস্থায়ী গাড়ী চালক হিচাপে নিযুক্ত হৈ আছিল৷

যুৱকজনৰ এই অস্বাভাৱিক মৃত্যুৰ বাতৰিয়ে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷