
লিডুঃ চৰকাৰৰ আসোঁৱাহপূৰ্ণ নীতিৰ বাবে পুনৰ নৱ-প্ৰজন্ম সশস্ত্ৰ সংগ্ৰামৰ দিশে ধাৱিত হোৱা দেখা গৈছে। উজনি অসমৰ প্ৰায় দুই শতাধিক যুৱক-যুৱতী আলফা স্বাধীনত যোগদান কৰা বুলি সেনাৰ চোৰাংচোৱাৰ সূত্ৰত প্ৰকাশ কৰাৰ পাছত বিষয়টোৱে এতিয়া চৰ্চা লাভ কৰিছে।
তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ফানেং আৰু চন্দ্ৰপুৰ গাঁৱৰ একাংশ যুৱক-যুৱতীয়ে নিষিদ্ধ ঘোষিত আলফা (স্বা)ত যোগদান কৰা ঘটনাই এতিয়া আলফা স্বাধীনৰ স্থিতি সম্পৰ্কে প্ৰশাসনক পুনৰ শংকিত কৰি তুলিছে৷ গাঁও দুখনৰ তিনিজনকৈ শিক্ষিত যুৱক-যুৱতী ক্ৰমে কৰিশ্মা মেচ, চন্দ্ৰ বুঢ়াগোহাঁই আৰু মাধুৰ্য সোণোৱালে আলফা স্বাধীনৰ সামৰিক শিবিৰলৈ যোৱা বুলি চোৰাংচোৱাৰ সূত্ৰই প্ৰকাশ কৰাৰ পাছতেই সেনা-আৰক্ষীৰ মাজত ব্যাপক তৎপৰতা বৃদ্ধি পোৱাৰ পৰিলক্ষিত হৈছে৷
উল্লেখ্য যে জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ফানেং গাঁৱৰ নিবাসী দূৰ্ণ মেচৰ একমাত্ৰ জীয়াৰী কৰিশ্মা মেচে (২০) যোৱা এপ্ৰিল মাহতেই আলফা (স্বা)ত যোগদান কৰা বুলি সেনা-আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰি আহিছিল আৰু শেহতীয়াকৈ সেই কথা নিশ্চিত হৈ পৰিছে৷ লগতে একেখন গাঁৱৰে চন্দ্ৰ বুঢ়াগোহাঁই উৰফে ফুপসিং নামৰ এজন যুৱক বিগত দুমাহে নিৰুদ্দেশ হৈ থকাৰ পাছত আৰক্ষীয়ে যুৱকজন আলফা (স্বা) যোগদান কৰা বুলি নিশ্চিত হৈছে। সম্প্ৰতি এলেকাটোত আলফাৰ সাংগঠনিক ভেটি শক্তিশালী হোৱা বুলি স্পষ্ট হৈ পৰিছে৷
উল্লেখ্য যে একালৰ ছাত্ৰ নেতা পংকজ প্ৰতীম দত্তই আলফা (স্বা)ত যোগদান কৰাৰ পাছতেই আলফাৰ শিবিৰলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ শিক্ষিত যুৱক-যুৱতীৰ এনে গমনৰ ঘটনাই চৰকাৰৰ শেহতীয়া নীতি-আদৰ্শকে দোষী কৰিছে সচেতন ৰাইজে।