
বাঘবৰঃ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ কেইবাখনো গাঁৱৰ লোকে বানৰ কবলত পৰি হাহাকাৰ কৰিবলগীয়া হোৱাৰ পাছত এইবাৰ আতংকিত হৈ পৰিছে গৰাখহনীয়াৰ বাবে৷
জিলাখনৰ জনীয়া সমষ্টিৰ বহু গাঁও বেঁকী নৈৰ খহনীয়াৰ ফলত নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে৷ সমষ্টিটোৰ সেউৰাচৰা পাথাৰ গাঁৱত নৈ খনে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি বিগত প্ৰায় এমাহৰ ভিতৰতে উছন কৰে ১৫ টাকৈ পৰিয়ালক৷
খহনীয়া প্ৰত্যক্ষ কৰি অঞ্চলটোৰ ৰাইজ নিদ্ৰা হেৰুৱাই আতংকিত হৈ পৰিছে। শিক্ষানুষ্ঠান আৰু বহু পৰিয়ালে খহনীয়াৰ ভয়ত দিন পাৰ কৰিছে। বহু পৰিয়ালে সপোনৰ মাটি-ভেটি হেৰুৱাই পথৰ দাতিত আশ্ৰয় ল'বলগীয়া হৈছে৷ কিন্তু আজি পৰ্য্যন্ত সমষ্টিটোৰ বিধায়ক আব্দুল খালেকে খবৰ ল'বলৈ আহৰি পোৱা নাই বুলি অভিযোগ উঠিছে।
যাৰ ফলত বিধায়কগৰাকীৰ বিৰুদ্ধে অঞ্চলবাসীয়ে ক্ষোভিত হৈ পৰিছে। খহনীয়াগ্ৰস্ত লোকৰ ওচৰলৈ আহি পৰিস্থিতিৰ বুজ লোৱাৰ পৰিৱৰ্তে ফোনযোগে খবৰ লোৱাত চক্ৰ বিষয়া, লাট মণ্ডলৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰে৷