অভয়াপুৰীঃ স্বাধীন ভাৰতৰ প্ৰতিখন চৰকাৰে জনগণৰ কল্যাণৰ বাবে বহু আঁচনি ৰূপায়ন কৰি আহিছে৷ ৰাজকোষৰ কোটি কোটি টকা ৰাইজৰ বাবে আৱণ্টন দি আহিছে চৰকাৰে৷ কিন্তু চৰকাৰে বিভিন্ন আঁচনি তথা ৰাইজৰ কল্যাণৰ বাবে মুকলি কৰি দিয়া টকাৰ জৰিয়তে ৰাইজৰ কল্যাণ হয়নে তাক লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে৷ তাৰ লগে লগে নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে সৰ্ব দিশত উন্নয়ন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ভোট আদায় কৰে। 

জনপ্ৰতিনিধিৰ ভুৱা প্ৰতিশ্ৰুতিত ভোল গৈ জনগণে ভোট দি সাংসদ-বিধায়ক নিৰ্বাচন কৰে৷ কিন্তু ৰাইজৰ ভোটত নিৰ্বাচিত প্ৰতিনিধিসকলে পাহৰি যায় ৰাইজক নিজ মুখে দিয়া প্ৰতিশ্ৰুতি সমূহ। বঙাইগাঁও জিলাৰ অভয়াপুৰী দক্ষিণ (অনু) বিধান সভা সমষ্টিৰ আমগুৰী অঞ্চলৰ ৰাইজৰ এতিয়া তেনেই অৱস্থা হৈছে।স্বাধীনতাৰ পিছৰে পৰা আমগুৰী অঞ্চলৰ ৰাইজে বহু আশাৰে ভোট দান কৰি আহিছে যদিও প্ৰতিবাৰে আশাত চেঁচা পানী পৰি আহিছে৷ 

বছৰৰ পিছত বছৰ ধৰি আমগুৰি অঞ্চল উপেক্ষিত হৈ ৰৈছে৷ সমষ্টিটোৰ টাপাট্টাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত কলবাৰী পঞ্চায়তৰ আমগুৰীৰ ৰাইজে স্বাধীনতাৰ পিছৰে পৰা এখন দলঙৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ আমগুৰী সমীপৰে বৈ যোৱা মৰা কুজিয়া নৈত এখন দলং নথকাৰ বাবে শৰালি-বাৰিষা চকুলো টুকি সময় পাৰ কৰিব লগা হয়৷ বাহৰ সাকো আৰু বাহৰ দলঙেৰে অঞ্চলটোৰ ৰাইজে নৈখন পাৰ হৈ বহিঃজগতৰ সৈতে যােগাযোগ ৰক্ষা কৰি আহিছে। 

অঞ্চলটোৰ কুশবাৰী, মধুফল, চিকাটাৰী, লতিবাৰী, আমগুৰী প্ৰথম আৰু দ্বিতীয় খণ্ডৰ ৰাইজে দলং অবিহনে যাতায়াত অব্যাহত ৰাখিছে৷ অভয়াপুৰী-পাছনীয়া, যোগীঘোপা গড়কাপ্তানী পথলৈ অঞ্চলটোৰ ৰাইজে চাইকেল নতুবা খোজকাঢ়ি যাব লগা গয়৷ স্বাধীনতাৰ পিছৰে পৰা প্ৰতিগৰাকী বিধায়ক-সাংসদে দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হয়। 

নৈখনৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণ নোহোৱাত ৰাইজে প্ৰতিটো বাৰিষাৰ প্ৰাকক্ষণত গাঁঠিৰ ধন ভাঙি শ্ৰম কৰি একোখন বাহৰ দলং সাজি যাতায়াত কৰি আহিলেও দলঙেৰে গধুৰ বাহন চলাচল কৰিব নোৱাৰাত অঞ্চলবাসী চৰম বিপৰ্যয়ৰ সন্মুখীন হয়। এম্বুলেন্স সহ আন কোনো বাহন অঞ্চলটোলৈ আহিব নোৱাৰে৷ বিপদসংকুল ভাবে ছাত্ৰ-ছাত্ৰীয়ে যাতায়াত কৰিবলগীয়া হোৱাত সন্তানে ঘৰৰ পৰা ওলাই যোৱাৰ পিছত পিতৃ-মাতৃয়ে চিন্তাৰে দিন পাৰ কৰিব লগাত পৰে৷ 

আবেদন-নিবেদন কৰি বাৰে বাৰে বিফল হৈ নিজৰ ধনেৰে এখন দলং নিৰ্মাণ কৰাৰ দৰে এই বেলিও মঙলবাৰে ৰাইজে পুৱাই ওলাই আহি দলং খন নিৰ্মাণত লাগে৷ মুঠৰ ওপৰত ৰাইজে এখন বাহৰ দলং নিৰ্মাণ কৰে। অঞ্চলটোৰ প্ৰতিটো পৰিয়ালৰ পৰা বৰঙণি সংগ্ৰহ কৰি ৰাইজে দলংৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি দলং নিৰ্মাণত লাগে। 

ৰাইজে জানিবলৈ দিয়া মতে প্ৰায় ২০০ ফুট দৈৰ্ঘ্যৰ দলংখন নিৰ্মাণ কৰোতেই পূৰ্বে কম খৰছ হৈছিল যদিও এইবেলি ৮০ হাজাৰ টকা ব্যয় হ’ব। দলংখন নিৰ্মাণ কৰাত ৰাইজে নিজেই শ্ৰমদান কৰে। পঞ্চায়তৰ পৰা বিধানসভা-লোকসভালৈ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে নিৰ্বাচনৰ সময়ত দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনত জয়ী হৈ দলং নিৰ্মাণ নকৰি অপমান কৰি আহিছে ৰাইজক।