newsnextone.com | কামপুৰঃ কোৱা হয়, পিতৃ-মাতৃৰ বাবে পুত্ৰ শোকতকৈ ডাঙৰ শোক আন একো নাই৷ দহ মাহ কাল পেটৰ মাজত ৰাখি এদিন পৃথিৱীৰ বুকুলৈ লৈ অনা সন্তানৰ প্ৰতি কিমান স্নেহ থাকিব পাৰে মাতৃৰ, তাৰ হিচাপ কৰাটোও অসম্ভৱ৷ নিজে নাখাই, নিজে নিপিন্ধি পিতৃ-মাতৃয়ে এপাহ সদ্য প্ৰস্ফুটিত ফুলৰ দৰে আলফুলে লালন পালন কৰা সন্তানেই পিতৃ-মাতৃৰ বাবে ভূ-স্বৰ্গৰ শান্তি৷ আনহাতে সন্তানৰ বাবেও যেন মাতৃ-পিতৃতকৈ শ্ৰেষ্ঠ ইশ্বৰ আন কোনোৱে হ’ব নোৱাৰে৷ যাৰ বাবে হয়তো এই বাণী প্ৰচাৰ হৈছিল যে, ইশ্বৰ সকলো সময়তে সকলোৰে ওচৰত থাকিব নোৱাৰে বাবেই মাতৃৰ সৃষ্টি কৰিছে৷

কিন্তু নিজতকৈও বেছি ভালপোৱা সন্তান যেতিয়া হেৰাই যায়, কেনে হ’ব পাৰে পিতৃ-মাতৃৰ হৃদয়ৰ পৰিস্থিতি সেয়া সকলোৱে নকলেও বুজি পোৱা যায়৷ পুত্ৰ শোকত ব্যথিত মাক-দেউতাকে পাহৰি যায় নিজৰ কথা৷ যন্ত্ৰণাবিদ্ধ দিন-ৰাতিবোৰ হয়তো লাগে এযুগ যেন!

৫ দিন ধৰি নিখোজ গৈ থকা নগাওঁ জিলাৰ কচুৱাৰ ১নং গৰুবন্ধাৰ এটি ১৩ বছৰীয়া সন্তানৰ সন্ধানহীনতাতো এনেদৰেই পাৰ কৰিছে কিশোৰটিৰ পিতৃ-মাতৃয়ে৷ পুত্ৰ বিচাৰি আকাশ-পাতাল চলাথ কৰা মাতৃৰ বুকুৰ ৰাউচিয়ে কঁপাই তুলিছে সমগ্ৰ অঞ্চল৷ পেটৰ ভোক পাহৰি পিতৃয়ে দিনে ৰাতিয়ে মাথো পুত্ৰৰ চিন্তাত হাহাকাৰ কৰি ৰৈছে৷ তথাপি আজিও সন্ধান ওলোৱা নাই ১৩ বছৰীয়া সন্তান উজ্জ্বল সৰকাৰৰ৷

জানিব পৰা মতে, শুকুৰবাৰে বিয়লি ঘৰৰ পৰা বজাৰলৈ বুলি গৈছিল কিশোৰটোৱে৷ আৰু তাৰ পিছকে পৰা নিখোজ হৈ পৰে উজ্জ্বল৷ সন্ধিয়া বহু দেৰিলৈকে কিশোৰজন ঘৰলৈ উভটি নহাত পিতৃ-মাতৃ আৰু পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ বন্ধু, আত্মীয়ৰ পৰিয়াল আৰু সাম্ভাৱ্য যাব পৰা সকলো ঠাইতে বিচাৰ খোচাৰ কৰাৰ পিছতো উজ্জ্বল সৰকাৰৰ  কোনো সম্ভেদ নপোৱাত পৰিয়ালৰ লোকে কিশোৰজনৰ নিৰুদ্দেশ সন্দৰ্ভত কচুৱা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে৷ 

কিন্তু ৫ দিন অতিক্ৰম কৰিলে নিৰুদ্দেশৰ৷ এতিয়ালৈকে কিশোৰজনৰ সম্ভেদ লাভ নকৰাত চিন্তাত পৰিছে পৰিয়ালটো৷ কিশোৰজনৰ কিবা সম্ভেদ পালে ৭০০২৭২০৮৪৩ নম্বৰত যোগাযোগ কৰি খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে৷