
গুৱাহাটীঃ নতুন মোৰ লৈছে ৰাজ্যখনৰ কেবাগৰাকী প্ৰভাৱশালী ৰাজনৈতিক নেতা-আমোলাৰ ভবিষ্যত সাঙোৰ খাই থকা লুইচ বাৰ্জাৰ কেলেংকাৰীয়ে। এই সম্পৰ্কীয় ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ বৃহস্পতিবাৰে অনুষ্ঠিত শুনানিৰ পিছতে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত আলোড়ন সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
উক্ত কেলেংকাৰী সন্দৰ্ভত CBI তদন্ত বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত স্বৰাজ অধিকাৰ সংগ্ৰাম, অসমৰ ভবেন সন্দিকৈ আৰু দুই সহযোগী সংগঠনৰ নেতৃত্বই আদালতত ২০১৫ বৰ্ষৰ আগষ্টত দাখিল কৰা ৮৫/২০১৫ নম্বৰৰ PILখনৰ যোৱা ৩১ জুলাইৰ পাছত আজি পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিং আৰু ন্যায়াধীশ মঞ্জিত ভূঞাৰ আদালতত শুনানি অনুষ্ঠিত হয়।
এই কেলেংকাৰীৰ তদন্তৰ ক্ষেত্ৰত ৰহস্যজনক ভূমিকা পালন কৰি অহাৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে শুনানি কালত বন্ধ খামত কিছু সংবেদনশীল তথ্য দাখিল কৰে।বিগত কেইবাটাও শুনানিত তদন্তৰ অগ্ৰগতিৰ কোনো তথ্য দাখিল কৰিব নোৱাৰি আদালতৰ ককৰ্থনা শুনিব লগা হোৱা চি আই ডিয়ে আজি আদালতত বন্ধ খামত দাখিল কৰা তথ্যই চাঞ্চল্য সৃষ্টি কৰাৰ লগতে গোচৰটোৰ নতুন দিশ উন্মোচনৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে।
উল্লেখ্য যে বিগত ৩১ জুলাইৰ শুনানিত আদালতে চি বি আইক এই গোচৰটোৰ পদকীয় পক্ষ কৰি লোৱাৰ নিৰ্দেশ দিছিল আবেদনকাৰীৰ অধিবক্তাক। এনে প্ৰেক্ষাপটত বন্ধ খামৰ তথ্যৰ লগতে চি আই ডিৰ হৈ আদালতত আজি ৰাজ্যখনৰ এজন প্ৰতিষ্ঠিত অধিবক্তা নীলয় দত্তই ওকালতি কৰাতো গোচৰটোৰ ক্ষেত্ৰত এক উল্লেখযোগ্য দিশ হিচাপে বিবেচিত হৈছে।
বৃহস্পতিবাৰৰ শুনানি কালত CBIক গোচৰটোৰ পদকীয় পক্ষ কৰি লোৱাৰ পৰিপ্ৰেক্ষিতত অহা সাতদিনৰ ভিতৰত অনুষ্ঠিত হ'ব লগা পৰবৰ্তী শুনানিত CBIৰ অধিবক্তাকো উপস্থিত থকাৰ নিৰ্দেশ প্ৰদান কৰে মুখ্য ন্যায়াধীশৰ আদালতে।