
মোৰাঝাৰঃ বুধবাৰে নিবনুৱা যুৱক-যুৱতীয়ে লামডিঙৰ মাণ্ডলিক প্ৰৱন্ধক কাৰ্যালয়ত ৰেল বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ থলুৱা যুৱক-যুৱতীক বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ লামডিংস্থিত মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ত শতাধিক যুৱক-যুৱতীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসমৰ সাংসদ ৰাজেন গোঁহাইয়ে ৰেল ৰাজ্যৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পিছতো বিভাগটোত ৰাজ্যৰ থলুৱা প্ৰাৰ্থীক বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰে শিক্ষিত যুৱক-যুৱতীয়ে৷
উল্লেখ্য যে, ৰেল বিভাগৰ 'লিবাৰেলাইজ এক্টিভ ৰিটায়াৰমেন্ট ফৰ গেৰান্টেড এমপ্লয়ী ফৰ ছেফটি ষ্টাফ' নামৰ আঁচনি খনৰ অধীনত বহু যুৱক-যুৱতীয়ে চাকৰিৰ বাবে আবেদন কৰিছিল। আঁচনিখনৰ অধীনত যি সকল চাকৰিয়ালে অসুস্থতা বা বিশেষ কাৰণবশতঃ ৰেল বিভাগৰ চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰে তেওঁলোকৰ সন্তানে পিতৃ-মাতৃৰ স্থানত চাকৰিত নিযুক্তি লাভ কৰিব লাগে। আঁচনিখনৰ জৰিয়তে ২০১৬ চনত ২৮ জন আৰু ২০১৭ চনত ৫১ জন যুৱক-যুৱতীক চাকৰিৰ বাবে নিৰ্বাচিত কৰিছিল যদিও আজিকোপতি ৰেল বিভাগে নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।
প্ৰাৰ্থীসকলে দেশৰ প্ৰধান মন্ত্ৰী, ৰেল মন্ত্ৰী, উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ শীৰ্ষ কৰ্তৃপক্ষক আবেদন পত্ৰ প্ৰেৰণ কৰাৰ পিছতো সুফল নোপোৱাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ বিজেপি চৰকাৰ থকাৰ পিছতো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীক বঞ্চিত কৰি বহিঃৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দিয়া বুলি অভিযোগ উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰে অসমক অৱহেলা কৰা বুলি অভিযোগ উত্থাপন কৰে৷ একাংশ বঞ্চিত প্ৰাৰ্থীয়ে ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইৰ কথাক ৰেল বিভাগৰ শীৰ্ষ কৰ্তৃপক্ষই গুৰুত্বই নিদিয়ে বুলি কৈ নিজৰ গৃহ লোকসভা সমষ্টিৰে যুৱক-যুৱতীয়ে ৰেল বিভাগত চাকৰিৰ বাবে নিৰ্বাচিত হৈয়ো যোগদান কৰিব নোৱাৰি আন্দোলন কৰিবলগীয়া হোৱা কাৰ্যই ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইৰ ব্যৰ্থতাকে সূচাইছে বুলি উল্লেখ কৰে।