ডিজিটেল ডেস্কঃ ভাৰতীয় সাহিত্যৰ জগতক বিশেষভাৱে চহকী কৰি থৈ যোৱা হিন্দী ভাষাৰ কবি মহাদেৱী বৰ্মাক Google Doodleৰ জৰিয়তে সন্মান প্ৰদৰ্শন কৰা হৈছে। হিন্দী ভাষাৰ কবি মহাদেৱী বৰ্মাই মহিলাৰ শিক্ষাগত তথা অধিকাৰৰ বাবে থিয় দিয়াৰ বাবে Google Doodle-এই সন্মান প্ৰদৰ্শন কৰি তেওঁক স্মৰণ কৰে৷ 

শুকুৰবাৰে পুৱাৰে পৰা গুগলৰ হোমপেজত মহাদেৱীৰ ফটো সংলগ্ন কৰি Google Doodle-এ তেওঁৰ স্মৃতিৰ ৰোমন্থন কৰে৷ ১৯২২-১৯৩৮ চনৰ ছাঁয়াবাদ সময়ছোৱাৰ হিন্দী ভাষাৰ আধুনিক ৰোমান্টিক কবি হিচাপে খ্যাত মহাদেৱী বাৰ্মাই সাহিত্যৰ ভৰাঁল চহকী কৰি গৈছিল৷ 

Google Doodleৰ পৃষ্ঠাত আলংকাৰিক কৰা সোণালী জোহৰাই মহাদেৱী বাৰ্মাই এজোপা গছৰ তলত বহি কবিতা লিখি থকা দৃশ্য ভিৱাৰ্ছে দেখিবলৈ পাব৷ তেওঁৰ কাষত দেখা পোৱা দেৱাংগিৰী বিবৃতিক দেখুৱাবলৈ প্ৰয়াস কৰা বৰ্মাৰ নিজ কামৰ প্ৰতি থকা স্পৃহা প্ৰতিফলিত হৈছে৷ 

জন্মঃ মহাদেৱী বৰ্মাই জন্ম গ্ৰহণ কৰিছিল ১৯০৭ চনৰ ২৬ মাৰ্চৰ উত্তৰ প্ৰদেশৰ ফাৰুখবাদৰ নামৰ ঠাইত৷ ৯ বছৰীয়া নাবালিকা অৱস্থাতে বিয়াত বহে মহাদেৱী বৰ্মাই৷ কিন্তু মহাদেৱী বৰ্মা বিবাহোপযুক্ত নোহোৱাৰ বাবে পুনৰ নিজা গৃহলৈ উভতি আহে৷ 

শিক্ষাঃ ঘৰলৈ উভতি অহাৰ পাছতেই নিজৰ স্কুলীয়া শিক্ষা ক্ৰছথৱেট গাৰ্লচ স্কুল ইন এলাহাবাদৰ পৰা সমাপ্ত কৰে বৰ্মাই৷ ১৯২৯ চনত এলাহবাদ বিশ্ববিদ্যালয়ত স্নাতক ডিগ্ৰী লাভ কৰে বৰ্মাই৷ আকৌ একেই খন বিশ্ববিদ্যালয়ত পঢ়ি সংস্কৃতক সন্মানীয় বিষয় হিচাপে লৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি পঢ়া ইমানতেই সাং কৰে৷ 

বৰ্মাই নিজৰ শিক্ষাৰ জীৱন পাৰে কৰে হোস্তেলত থাকিয়েই৷ সময়ৰ ৰঙীন সময়ছোৱাক হোস্তেলৰ সখী তথা একেলগে একেটা কোঠাত থাকি সুভদ্ৰা কুমাৰী চৌহানৰ লগত অতিবাহিত কৰে৷ সুভদ্ৰা কুমাৰী এগৰাকী প্ৰখ্যাত কবি আছিল৷ হঠাৎ এদিন মহাদেৱীৰ ভিতৰৰ প্ৰতিভাক চিনিব পাৰি কবিতা লিখিবলৈ উৎসাহ তথা জোৰ দিয়ে সুভদ্ৰাই৷ ১৯২০ চনৰ পৰা দুই বান্ধৱীয়ে জীৱনত প্ৰথমবাৰৰ বাবে সাহিত্য জগতত একেলগে খোজ পেলায়৷ 

সাহিত্য জীৱনঃ ১৯২০ চনৰ পৰা সকলোৰে আগত নিজৰ প্ৰতিভাক পদাৰ্পণ কৰিবলৈ লোৱা বৰ্মাৰ আৰম্ভ হৈছিল জীৱনৰ এক নতুন অধ্যায়৷ বৰ্মাৰ বেছিভাগ পদ্য আৰু গদ্যৰ লেখনীবোৰ নাৰীক কেন্দ্ৰ কৰি অভিজ্ঞতাৰ পৰা প্ৰেৰিত বুলি ক’ব পাৰি৷ বৰ্মাৰ লেখাৰ ভিতৰত চুটি গল্প, নিজৰ অতীতক অংকিত কৰা কিছু লেখা উদ্ধৃত কৰা হয়৷ লগতে এলাহাবাদৰ প্ৰয়াগ মহিলা বিদ্যাপীঠৰ অধ্যক্ষা হিচাপেও কাম কৰিছিল বৰ্মাই৷ তেখেতৰ পদ্য ৰাজহুৱা ভাৱে কিতাপ, আলোচনীৰ দ্বাৰা প্ৰকাশ পোৱাৰ পিছত সাহিত্য জগতখনত বিশেষ খোজ পেলাবলৈ সক্ষম হয়। সুদৃঢ় তথা নিজৰ  সাহিত্যক চাৰিওফালে বিয়পাই দিয়া বৰ্মাৰ লেখনিৰ ভিতৰত নীলকন্ঠ, গাৱৰা আৰু গিলো আদি প্ৰধান৷  

য়ামা নামৰ পদ্যৰ লেখনিৰ বাবে ১৯৮২ চনৰ ২৭ এপ্ৰিলত জ্ঞানপীঠ বটাঁৰে পুৰষ্কিত কৰি বৰ্মাক এই সন্মান প্ৰদান কৰে৷ ইয়াৰোপৰি ভাৰতীয় পদ্য জগতত নিজৰ অনুদান দি যোৱা বৰ্মাক ১৯৫৬ চনত পদ্ম ভূষণ, ১৯৮৮ চনত পদ্ম বিভূষণ বটাৰে সন্মানিত কৰি পুৰষ্কাৰ দিয়ে৷ লগতে ১৯৭৯ চনত সাহিত্য একাডেমী পুৰষ্কাৰ প্ৰাপ্তি বৰ্মাই সাহিত্যৰ জগতত যি বৰঙণি আগবঢ়ায় গ’ল সেয়া সচাঁয়েই স্মৰণীয়৷