মিছামাৰীঃ শোণিতপুৰ জিলাৰ বৃহত্তৰ মিছামাৰী অঞ্চলৰ বেঙেনাজুলী মণ্ডলীৰ খজ ৰখীয়া গীৰ্জা প্ৰাংগনত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত মধ্য অসম ডিনেৰী মহিলা-যুৱ সমাৰোহৰ আজি সামৰণি পৰে। শোণিতপুৰৰ উপৰি বিশ্বনাথ চাৰিআলি, নগাঁও আৰু লখিমপুৰ জিলাৰ প্ৰায় দুহেজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সমাৰোহখন ২০ অক্টোবৰৰ পৰা আৰম্ভ হৈ আজি পুৱাৰ ভাগত অন্ত পৰে।

প্ৰথম দিনা আবেলি ২ বজাত স্থানীয় পাষ্টৰেট ৰেভা পি এলে সভাস্থলীৰ উদ্বোধন আৰু বন্তি প্ৰজ্বলন কৰাৰ পাছতে কাৰ্যসূচী সমুহ আৰম্ভ হয়। মধ্য অসম ডিনেৰী যুৱ সমিতিৰ সভাপতি বিলচন কনগাড়ীৰ উদ্বোধনী ভাষণৰ পাছতে স্তুতি, প্ৰশংসা আৰু উপাসনাৰে প্ৰথম দিনৰ কাৰ্যসূচী শেষ হয়।

২১ তাৰিখে মধ্য অসম ডিনেৰী যুৱ সমিতিৰ সঞ্চালক ৰেভা ইউ বাৰ্লা, সভাপতি বিলচন কনগাড়ী আৰু মহিলাৰ সভানেত্ৰী আশাপ্ৰভা ধান ভেংৰাৰ দ্বাৰা পতাকা উত্তোলনৰ পাছতে ক্ৰমে আকস্মিক বক্তৃতা, বাইবেল ড্ৰীল, বাইবেল কুইজ, একক আৰু দলীয় গীত আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়।

২২ তাৰিখে পুৱা দহ বজাৰ পৰা আৰম্ভ হয় মুকলি সভা। মধ্য অসম ডিনেৰী মহিলা আৰু যুৱ সমিতিৰ সভানেত্ৰী-সভাপতি আশা প্ৰভা ধান ভেংৰা আৰু বিলচন কনগাড়ীৰ পৰিচালনাত অনুষ্ঠিত মুকলি সভাত চাৰিখন জিলাৰ ছয় গৰাকী পাষ্টৰেট অংশ গ্ৰহণ কৰে। অনুষ্ঠানত উৰিষাৰ ৰেভা ডিকন বি মানস ৰাজ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে।

উক্ত মুকলি সভাতে মহিলা-যুৱ সমিতিৰ আগন্তুক বৰ্ষৰ বাবে প্ৰস্তুত কৰা পৰিকল্পনা সমুহ গৃহীত কৰাৰ উপৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। আবেলি সৰু-ডাঙৰ ল’ৰা-ছোৱালীৰ মাজত বিভিন্ন খেল প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু সন্ধিয়াৰ ভাগত পুৰস্কাৰসমুহ বিতৰণ কৰে। সন্ধিয়ালৈ অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান। আজি পুৱাৰ ভাগত প্ৰাতঃ উপাসনা, পতাকা অৱলোতন আৰু আহাৰ গ্ৰহণৰ পাছত সমাৰোহৰ সামৰণি পেলোৱা হয়৷