
নলবাৰীঃ মহিন্ড্ৰা ট্ৰেক্টৰৰ এটি শ্ব-ৰুম বুধবাৰে মুকলি কৰা হয় নলবাৰীত৷ নলবাৰীৰ বৰমা ৰোডত আনুষ্ঠানিক ভাবে মহিন্ড্ৰা ট্ৰেক্টৰৰ মেচাৰ্চ ডি ডি এন্টাৰপ্ৰাইজ নামৰ শ্ব-ৰূম এটা মুকলি কৰা হয়। নলবাৰী জিলা কৃষি বিষয়া হোমেশ্বৰ কলিতাই আনুষ্ঠানিক ভাবে ফিটা কাটি মুকলি কৰে অনুষ্ঠানটো৷
অনুষ্ঠানটোত বাক্সা জিলাৰ আৰক্ষী অধীক্ষক বিনয় কলিতা, মহিন্ড্ৰাৰ উত্তৰ পূৰ্বাঞ্চলৰ মেনেজাৰ অমিত সিনহাৰ লগতে ভালেকেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানৰ পিছতে এখন সভা অনুষ্ঠিত হয়। কৃষি বিষয়া গৰাকীয়ে ভাষন প্ৰদান কৰি খেতিয়ক সকলৰ উৎপাদন বৃদ্ধিৰ মূল আহিলা হৈছে টেক্টৰৰ আৰু পাৱাৰ টিলাৰ বুলি কয়।
ইয়াৰ পিছতে অমিত সিনহাই মহিন্ড্ৰা টেক্টৰৰ বিষয়ে ব্যক্ত আগবঢ়ায়। ডি ডি এন্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী নেকিবুৰ আহমেদ(সোণ)য়ে যি সকল খেতিয়ক তথা ব্যৱসায়ীয়ে ট্ৰেক্টৰৰ ক্ৰয় কৰাৰ বাবে জিলা খনৰ বাহিৰলৈ যাব লগা হৈছিল এতিয়া নলবাৰী চহৰতে ট্ৰেক্টৰৰ ক্ৰয় কৰাৰ উপৰি সকলো সা সুবিধা পাব।