
গুৱাহাটীঃ মজিদ কা আৰু নাই৷ মজিদ কা আমাৰ মাজত নাই বুলি কোৱা কথাষাৰ বিশ্বাস কৰিবলৈ টান লাগিলেও ক'বলগীয়া বহু কথাই নোকোৱাকৈ দেওবাৰে আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি যায় তেওঁ৷ এতিয়া অচিন দেশৰ পৰা আমালৈ চাই থাকিব মজিদ কাই৷
মজিদ কা গুচি গলেও অলেখ স্মৃতিয়ে অহৰহ প্ৰতিজন অসমীয়াৰ মাজত জীয়াই ৰাখিব তেওঁক। মজিদ কাৰ বিদায়ে অপূৰণীয় ক্ষতি কৰিলে অসমীয়া অভিনয় জগতখনক৷ ৰসিক, অল্পভাষী মজিদ কাই জীয়াই থকা কালত অসমীয়া চলচিত্ৰ জগতৰ বাবে আশীৰ্বাদ হৈ আছিল৷ মৃত্যুৰ পিছতো তেওঁৰ কৰ্মৰাজিয়ে চিৰদিন আশীৰ্বাদ হৈয়ে থকাতো নিশ্চিত৷
একেৰাহে বিশিষ্ট অভিনেতা, পৰিচালক, নাট্যকাৰ, প্ৰযোজক আব্দুল মজিদৰ জন্ম হৈছিল যোৰহাট জিলাৰ পুৰণি বালিবাটত ১৯৩২ চনৰ ১৬ নৱেম্বৰত৷ দেওবাৰে গুৱাহাটী মহানগৰীৰ জিএনআৰচিত তেওঁ পুৱা ৯-৩০ বজাত ইহলীলা সম্বৰণ কৰে৷ চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ, প্ৰযোজক, অভিনেতাগৰাকীয়ে ১৯৫৮ চনত নিপ বৰুৱাৰ পৰিচালিত 'ৰঙা পুলিচ' বোলছবিত অভিনয় কৰি অভিনয় জগতত খোজ পেলাইছিল৷
অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰাৰ পৰাই মৃত্যুৰ আগমুহূৰ্তলৈকে অভিনয় জগতত সক্ৰিয় হৈ আছিল আব্দুল মজিদ। তেওঁ মুঠতে ৬খন অসমীয়া চলচিত্ৰৰ পৰিচালনা কৰিছিল। অভিনেতা হিচাপে তেওঁ প্ৰধানকৈ খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁক প্ৰধানকৈ চামেলি মেমচাবৰ স্ৰষ্টা বুলি এটি বিশেষ চিনাকি আছিল৷ এই ছবিখনে ৰাষ্ট্ৰীয় পৰ্যায়তো খলকনি লগাইছিল৷
কেচা সোণৰ দেশ অসমৰ চাহ বাগিচাৰ পটভূমিৰ এটি প্ৰেম কাহিনীক লৈ নিৰ্মিত চলচ্চিত্ৰখনে সেই সময়ত যথেষ্ট সমাদৰ লাভ কৰাই নহয় চৰ্চিতও হয়৷ চাহ বাগিছাৰ মালিকৰ সৈতে এগৰাকী দৰিদ্ৰ শ্ৰমিক গাভৰুৰ চকুৰ চাৱনিৰ পৰাই প্ৰেম ভাৱৰ জন্ম হৈ প্ৰেমত পৰাৰ কাহিনী বলিষ্ঠ ৰূপত দাঙি ধৰিছিল বোলছবিখনত আব্দুল মজিদে৷
শ্ৰমিক কন্যাৰ সৈতে এলাপেছা লোকৰ প্ৰেম হোৱা নাছিল৷ যিগৰাকী পুৰুষৰ সৈতে প্ৰেম হৈছিল তেওঁ আছিল ইংৰাজ৷ বৃটিছ মালিক আৰু বাগিছাখনত কাম কৰা এগৰাকী স্থানীয় শ্ৰমিক যুৱতীৰ প্ৰেম কাহিনীক আজিও মানুহে পাহৰিব পৰা নাই। চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল বাংলা অভিনেতা জৰ্জ বেকাৰ আৰু বিনীতা বৰগোহাঁয়ে।
৭০ৰ দশকতে চলচ্চিত্ৰখনে সমালোচকৰদ্বাৰা উচ্চ প্ৰশংসিত হোৱাৰ লগতে ৰাইজে আদৰি লৈছিল৷ শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ লগতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰি শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। মজিদ কাই ইয়াৰ লগতে ১৯৬৮ চনত মৰম তৃষ্ণা, ১৯৭৭ বনহংস, ১৯৭৮ বনজুই, ১৯৮১ পোনাকণ আৰু উত্তৰ কাল বোলছবি নিৰ্মাণ কৰিছিল।
বহু ছবি, বহু নাটক পৰিচালনা কৰিছে মজিদকাই৷ নামঘৰীয়া, অজাগা, জোৰ পুৰি হাত, দাপোণ, অগ্নিগৰ্ভ, হাতোৰা, চেগুন পুলি ৰুব কোনে, ৰাম-ৰহিম, ৰোমন্থন আদি ধাৰাবাহিক আৰু তথ্যচিত্ৰ পৰিচালনা কৰে যথেষ্ট সমাদৰ লাভ কৰিছিল আব্দুল মজিদে। নটসূৰ্য বঁটা, অসম সাহিত্য সভাৰ বিশেষ বঁটা, ১৯৮৬ চনত বিষ্ণু ৰাভা বঁটা লাভ কৰাৰ উপৰিও কেবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান লাভ কৰে বিশিষ্ট অভিনেতাগৰাকীয়ে।
যোৱা দুটি বছৰে হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আহিছিল পৰিচালক, নাট্যকাৰ, প্ৰযোজক আব্দুল মজিদে৷ যোৱা ১৩ ছেপ্তেম্বৰত পুনৰ অসুস্থ হৈ পৰাত তেওঁক মহানগৰীৰ জিএনআৰচিত ভৰ্তি কৰোৱা হয়৷ তিনিদিন জিএনআৰচিত তিনিদিন আইচিইউত থকাৰ অন্তত দেওবাৰে নিয়তিৰ ওচৰত হাৰ মানে মজিদকাই৷
তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পৰে৷ বহু লোকে এজন ভাল মানুহ, ভাল অভিনেতা, ভাল প্ৰযোজকৰ মৃত্যু হোৱা বুলি কৈ অসমীয়া জাতিয়ে ভাল মানুহ এজনক হেৰুওৱা বুলি কয়৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আদিয়ে শোক প্ৰকাশ কৰে৷ সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আদি দল-সংগঠনে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে৷
• বড়ো সাহিত্য সভাৰ শোক প্ৰকাশ
মজিদৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বড়ো সাহিত্য সভাই। এক বিবৃতিযোগে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে মজিদৰ মৃত্যুক ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ অপূৰণীয় ক্ষতি আখ্যা দি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।