কাকপথাৰঃ তিনিচুকীয়া জিলাৰ মাকুমত শুকুৰবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কেইবাটাও জাতীয় সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ মাকুমত মৰাণ ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা, অসম মৰাণ সভা আৰু বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ উদ্যোগত প্ৰায় তিনি শতাধিক লোক এতত্ৰিত হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি আকাশ বতাহ কঁপাই তোলে৷

কেন্দ্ৰীয় চৰকাৰ হায় হায়, প্ৰধানমন্ত্ৰী মোডী-মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায়, বিজেপি গ’বেক আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তি দাহ কৰি কোনো কাৰণত অসমত অবৈধ নাগৰিকক সংস্থাপন কৰিব নিদিয়াৰ হুংকাৰ দিয়ে সংগঠনকেইটাই৷

বিজেপি চৰকাৰক ৫টা সংগঠনে সকীয়াই দি কয় যে এই বিধেয়ক আইনত পৰিণত কৰাৰ বাবে চৰকাৰে কৰি অহা চেষ্টা যিকোনো বিনিময়ত বিফল কৰা হ’ব৷ বিধেয়কখন বাতিলৰ দাবীত আগন্তুক দিনত বিশাল প্ৰতিবাদী সমদল, সভা অনুষ্ঠিত কৰি তিনিচুকীয়াৰ প্ৰতিজন অসমীয়াই বিধেয়কখন গৃহিত কৰিব নিদিয়ে বুলি কৈ তাৰ বাবে সাজু থকা বুলি কয়৷