অভয়াপুৰীঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ সমীপৰ মালেগড় পাহাৰত সোমবাৰে এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

কেইজনমান খৰি বিচাৰি যোৱা লোকে  মালেগড় পাহাৰত চিপলৈ থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি যোগীঘোপা আৰক্ষীক অৱগত কৰে। যোগীঘোপা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। উক্ত মৃতদেহটো হেমন্ত ৰায় বুলি চিনাক্ত কৰে স্থানীয় লোকে।

মালেগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰায় কিছুদিনৰ পৰা নিখোজ হৈ আছিল। ৰহস্য জনক অৱস্থাত ৰায়ৰ মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷