ডিব্ৰুগড়ঃ সদৌ অসম মটক যুৱ-ছাত্র পৰিষদে পশ্চিম বংগৰ মমতা বেনাৰ্জীয়ে অসমৰ এনআৰচিৰ সন্দৰ্ভত মন্তব্য কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়া দায়িত্বহীন মন্তব্য বুলি কৈ উচ্চ ন্যায়ালায়ক অমান্য কৰিছে বুলি কৈ বিহিত ব্যৱস্থা লোৱাৰ দাবী জনায়৷ স্মৰ্তব্য যে, যোৱা ৩ জানুৱাৰীত অসমৰ এনআৰচি বিষয়ত মমতা বেনাৰ্জীয়ে পশ্চিম বংগৰ বিৰভূমৰ আহমেদপুৰত এখন ৰাজহুৱা সভাত ১ কোটি ৩০ লাখ বাঙালীক অসমৰ পৰা খেদাৰ চক্ৰান্ত কৰাৰ ষড়যন্ত্ৰ কৰা বুলি প্ৰকাশ কৰাৰ পিছতে অসমত মমতাৰ মন্তব্যক দায়িত্বহীন মন্তব্য বুলি কব খোজে একাংশ লোকে।

ৰাজ্যৰ দল-সংগঠনৰ লগতে লগতে উজনি অসমৰ মটক জনগোষ্ঠীৰ সংগঠন সদৌ অসম মটক যুৱ-ছাত্র পৰিষদে তীব্ৰ গৰিহণা দি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰথম খন খচৰা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত প্ৰকাশ কৰা হৈছে৷ আংশিক খচৰা প্ৰকাশ কৰাৰ পিছতে মমতাই কৰা মন্তব্য চৰম দায়িত্বহীন আখ্যা দিয়ে৷ পৰৱৰ্তী খচৰা প্ৰকাশ নোহোৱালৈকে এই বিষয়ে অাৰ্তনাদ কৰাৰ কোনো কাৰণ নাই বুলি কয়৷ এয়া এখন অাংশিক তালিকাহে৷

কিন্তু একাংশই বিভিন্ন কাৰণত অাশংকাত ভুগিছে বুলি কৈ অসমত বাঙালীৰ সংখ্যা কম নহয় বুলি কয়৷ বাঙালীসকল ইয়ালৈ অাহি থিতাপি লৈ অসমীয়া জাতীয় জীৱনৰ সৈতে মিলি গৈছে৷ পণ্ডিত অানন্দৰাম বৰুৱাৰ পূৰ্বপুৰুষ দুৰ্গাচৰণ অসমলৈ অাহিছিল৷ তেনেদৰে কনকলাল বৰুৱাৰ পূৰ্বপুৰুষজন অাছিল পীতাম্বৰ ঘোষ৷ বিভিন্ন কাৰণত বংগমূলীয় মানুহ অসমলৈ অাহিছিল বুলি কৈ যুগল বৰুৱাই বাঙালীসকলৰ অভিভাৱক বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জী নহয় বুলি কয় বৰুৱাই৷ ত্রিশ কোটি বাঙালী সমগ্ৰ বিশ্বতেই সিঁচৰিত হৈ অাছে৷ পশ্চিমবংগই কেৱল বাঙালীৰ ভূমি নহয়৷ অসমৰ দুই উপত্যকাৰ বাঙালীৰ জীৱন সুখ-দুখ, মান-অভিমান সৈতে পশ্চিমবংগৰ কি সম্পৰ্ক অাছে বুলি কয় নেতাজনে? কেৱল ভাষিক পৰিচয়েৰে সকলো কথা সামৰি নলয় বুলি কয়৷