মিছামাৰীঃ শোণিতপুৰৰ সোণাই-ৰূপাই অভয়াৰণ্যত বাহৰ পতা বনৰীয়া হাতীয়ে বিশেষকৈ নিশাৰ ভাগত মাজে সময়ে ওলাই কাষৰীয়া মিছামাৰী অঞ্চলত উপদ্ৰৱ চলোৱাৰ দৰে বৃহস্পতিবাৰে নিশাও চাৰিটা হাতীৰ এটা জাকে অঞ্চলটোৰ পুৰণা মিছামাৰীত ওলাই ৰাজু শ্বাহ নামৰ লোকজনৰ আটা মিল আৰু দোকানত প্ৰবেশ  কৰি মেচিন-যন্ত্ৰপাতি আদিৰ উপৰিও মিলত গুড়ি কৰিবলৈ গ্ৰাহকে থৈ যোৱা বুট, দালি, চাউল, গেঁহু আদিৰ বস্তা বোৰ লণ্ডভণ্ড কৰে।

মিলৰ সৈতে ঘৰ আৰু ব্যৱসায় প্ৰতিষ্ঠান থকা ৰাজু শ্বাহৰ মিলৰ সামগ্ৰীৰ উপৰি দোকান আৰু ঘৰৰ চাউল, দালি, আটা লণ্ডভণ্ড কৰাৰ লগতে ঘৰ বোৰ ভাঙি থৈ যায়। নিশা প্ৰায় ১ বাজি ৩০ মিনিটত বজাত হাতীৰ জাকটোৱে উপদ্ৰৱ চলোৱাৰ উমান পাই ওচৰ চুবুৰীয়াই শোৱাপাটিৰ পৰা উঠি আহে আৰু হাতীৰ জাকটোক খেদাৰ ব্যৱস্থা কৰে।

ৰাইজে হাতীৰ জাকটোক খেদাৰ পূৰ্বে স্থানীয় মিছামাৰী থানাৰ আৰক্ষী আৰু বন বিভাগক খবৰ দিয়ে। আৰক্ষীয়ে খবৰ পোৱা মাত্রকে ঘটনাস্থলিত হাজিৰ হয় যদিও গাভৰু খণ্ড বন কাৰ্যালয়ৰ বন কৰ্মী সকলে হাতীৰ জাকটো যোৱাৰ পাছত অৰ্থাৎ পুৱতি নিশাহে ঘটনাস্থলিত হাজিৰ হয় বুলি ৰাইজে অভিযোগ কৰিছে।

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে হাতীৰ জাকটো তাৰ পৰা উভটি যোৱাৰ পৰত মিছামাৰী ৰেলৱে ষ্টেচনৰ সমীপত ৰেল লাইন অতিক্ৰম কৰাৰ সময়ত ৰঙাপৰা অভিমুখী ৰেলৰ খুন্দাত ৰক্ষা পৰে। প্ৰাপ্ত খবৰ মতে, বৰ্তমানো উক্ত হাতীৰ জাকটো মিছামাৰী সামৰিক ঘাটিত বাহৰ পাতি আছে।

উল্লেখ যে, মিছামাৰীৰ গাভৰু খণ্ড বন কাৰ্যালয়ত সত্যদেৱ শৰ্মা নামৰ বিষয়া গৰাকী যোগদান কৰাৰ পাছৰ পৰা অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপিত হৈছে।