নামতিঃ একাংশ লোকে ছচিয়েল নেটৱৰ্কিং ছাইট যেনে ফেচবুক আৰু মেচেজিং এপ যেনে ৱাটছএপক অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এগৰাকী যুৱকে এটা ঐতিহ্যমণ্ডিত জনগোষ্ঠীক অপমান কৰি গ্ৰেপ্তাৰ হ’ব লগা হয়৷

বিভিন্ন সময়ত বিদ্বেষজনক মন্তব্য, আপত্তিজনক ফটো-ভিডিঅ’ৰ বাবে বহু লোক জেল হাজোতত যাব লগা হোৱাৰ সময়তে ফেচবুকত আহোম জাতিৰ উদ্দেশ্যে অশালীন মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ব লগা হয়৷

ফেচবুকত আপত্তিজনক মন্তব্য কৰা শিৱসাগৰ জিলাৰ নামতিৰ যুৱকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণৰ দাবীত দুটাকৈ সংগঠনে পৃথকে পৃথকে এজাহাৰ দাখিল কৰ।

জনা মতে, বুধবাৰে আহোম জাতীয় গণ মঞ্চৰ নামতি আঞ্চলিক সমিতিয়ে নামতি থানাত, সদৌ তাই আহোম ছাত্র সন্থা (আটাছু)ৰ আমগুৰি আঞ্চলিক সমিতিয়ে আমগুৰি থানাত এজাহাৰ দাখিল কৰি নামতি মিছাজান কুমাৰ গাঁৱৰ মানসজ্যোতি কলিতা নামৰ যুৱকজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ দাবী জনায়।

নামতিৰ নানতি কলিতাৰ পুত্র মানসজ্যোতি কলিতাই আহোম জনগোষ্ঠী আৰু আটাছুক লৈ ফেচবুকত ঘৃণনীয় মন্তব্য কৰি আহোম জনগোষ্ঠীক অপমান কৰা লগতে অসমৰ সাতমপুৰুষীয়া সম্প্রীতি বিনষ্ট কৰা বুলি সংগঠন কেইটাই অভিযোগ উত্থাপন কৰে।

আনহাতে, যুৱকজনৰ বিৰুদ্ধে নামতি ৰজাবাৰী গাঁৱৰ চাও শান্তনু নেওগ নামৰ লোকজনেও মানসজ্যোতি কলিতাৰ বিৰুদ্ধে নামতি থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আমগুৰি আৰক্ষীয়ে বৃহস্পতিবাৰে মানস জ্যোতি কলিতাক গ্ৰেপ্তাৰ কৰে।