নলবাৰীঃ নলবাৰীত আজি এটি মন্দিৰৰ শিলান্যাস কৰা হয়৷ নলবাৰীৰ মালিকুছিত ত্ৰিনয়ন মন্দিৰৰ ৰাজহুৱা ভাবে শিলান্যাস কৰা হয়।

মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ৰাজেন্দ্ৰ বৰ্মন আৰু সম্পাদক ৰাজেশ ৰাণা মেধিয়ে আতঁধৰা অনুষ্ঠানত মন্দিৰৰ আনুষ্ঠানিক ভাৱে শিলান্যাস কৰে-সমাজ সেৱক চন্দ্ৰ কলিতা আৰু লখেশ্বৰ শৰ্মাই।

শংখ ঘন্টা, তাল খোল, আয়তীৰ উৰুলি ধ্বনিত মন্দিৰৰ শিলান্যাস কৰা হয়। অঞ্চলটোৰ বহু লোক উপস্থিত থাকে অনুষ্ঠানটোত৷