
খেৰণিঃ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এমাহ পাৰ হোৱাৰ পাছতো ৰাজ্যিক বিজেপিয়ে এই পৰ্যন্ত ঘোষণা কৰা নাই পৰিষদখনৰ কাৰ্যবাহী সদস্যৰ নাম৷ যাৰ ফলত কাৰ্বি আংলংবাসীয়ে চৰকাৰী কাম-কাজত ভিন্ন সমস্যাত পৰি আহিছে৷ দলটোৰ এনে এক নীৰৱ ভূমিকাত পাহাৰীয়া জিলাখনৰ বিজেপিৰ নেতা-কৰ্মীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
তাৰ মাজতে ৮ নং হামৰেণ পৰিষদীয় সমষ্টিৰ তেলেহৰত বিজেপিয়ে আজি বিজয় উংসৱ পালন কৰে৷ বিজেপিৰ বিজয় উৎসৱত ৮ নং হামৰেণ সমষ্টিৰ প্ৰতিনিধি তথা পৰিষদীয় প্ৰাক্তন কাৰ্যবাহী সদস্য মংগলছিং তিমুং উপস্থিত থকাৰ লগতে পৰিষদীয় বৰজান সমষ্টিৰ জনপ্ৰতিনিধি তথা প্ৰাক্তন কাৰ্যবাহী সদস্য লংকি তিমুং, পৰিষদীয় বিভাগীয় প্ৰাক্তন বৰ্ড অধ্যক্ষ ক্ৰমে বিদ্যাছিং টেৰন, ৰঞ্জিত টেৰন, পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিটিৰ নেতা হাৰমন বে’, সদস্য মংগল বে’, পশ্চিম কাৰ্বি আংলং জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি বিৰছিং হান্সে, ছাৰমেন ফাংচ, বিৰেনছিং তিছ’, পিটৰ তিমুং, লংছিং ৰংফাৰ, জয়ছিং ৰংহাং উপস্থিত থাকে৷
বিজয় উৎসৱৰ সভাত ৮নং হামৰেণ পৰিষদীয় সমষ্টিৰ সদস্য মংগলছিং তিমুঙক কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্যৰ পদ প্ৰদানৰ দাবী জনায় এখন স্মাৰক পত্ৰ কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙলৈ বুলি প্ৰেৰণ কৰে৷ সমষ্টিবাসীৰ উষ্ম আদৰণি আৰু অভিবাদন গ্ৰহণ কৰি মংগলছিং তিমুঙে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্যৰ পদ পালে পূৰ্বৰ তুলনাত তেওঁসমষ্টিৰ উন্নয়ন আৰু বিকাশ সাধন কৰিব বুলি উল্লেখ কৰে৷