ফাইল ফটো
ফাইল ফটো

মঙলদৈঃ বনজ সম্পদ ৰক্ষাৰ দোহাই দি ৰাইজৰ পৰা ভোট ভিক্ষা কৰি শাসনৰ গাদী দখল কৰিছিল অগপ, বিজেপি বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰে৷ বনজ সম্পদৰ শ্ল’গান যেন শ্ল’গান হৈ থাকিল৷ চৰকাৰ খনৰ প্ৰায় ২০ মাহ পাৰ হ’ল যদিও ৰাজ্য চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই৷ বনজ সম্পদ ৰক্ষা কৰাটো দূৰৰ কথা আজিও কাজিৰঙাৰ গড় আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ মৃত্যু হৈ আছে৷ ৰাজ্যৰ বিভিন্ন ঠাইত সেউজীয়া পাহাৰ কাটি আজিও বন ধ্বংস কৰি আহিছে একাংশ লোকে৷

নদীৰ বুকু উদং কৰি অবাধ হাৰত খনন কৰিছে বালি আৰু শিলৰ বাবে৷ য’তে ত’তে গঢ়ি উঠিছে বালিৰ অবৈধ মহল। একাংশ ৰাজনৈতিক দলৰ নেতাৰ ছত্ৰছায়াত বালি মাফিয়াই নৈৰ খনৰ বুকু খান্দি ট্ৰাকে ট্ৰাকে বালি সৰবৰাহ কৰি আহিছে৷ ৰাজ্যৰ আন আন ঠাইৰ লগতে দৰং জিলাতো অব্যাহত আছে অবৈধ বালিৰ ব্যৱসায়। বন বিভাগৰ চকুৰ সন্মুখতে অবৈধ বালি অবাধ গতিত কঢ়িয়াই থকা পৰিলক্ষিত হৈছে৷ দৰং জিলাৰ মঙলদৈ সমষ্টিৰ লগতে ছিপাঝাৰত অবাধ হাৰত চলি আছে বালি ব্যৱসায়।

ৰাজ্য চৰকাৰক কোনো ৰাজহ আদায় নিদিয়াকৈ ট্ৰেক্টৰ, ট্ৰাক, ডাম্পাৰেৰে বালিৰ ব্যৱসায় চলাই আহিছে একাংস লোকে৷ চালান বিহিন গাড়ী বোৰে ৰৌতা অঞ্চলৰ পৰা বালি কঢ়িয়াই মহলত তিনিশ আৰু বনবিভাগৰ লোকক ১০০-২০০ টকা দি পাৰ হয় পথ৷ দুই এখনৰ চালান থাকিলেও এখন চালানেৰে ৬-৭ খন গাড়ী পাৰ হয়৷ মাহেকত মাত্ৰ এখন চালান লৈ সৰবৰাহ হৈ আহিছে বালি। এই ক্ষেত্রত মৌনতা অৱলম্বন কৰি আহিছে চৰকাৰ তথা প্ৰশাসনে।

বন বিভাগৰ সতে গোপন বুজাবুজিত এনেদৰেই ট্ৰাকে ট্ৰাকে বালি সৰবৰাহ হৈ আহিছে ছিপাঝাৰৰ ভিন্ন অঞ্চলত। ট্ৰাক সমুহত চালান বিহীন নোহোৱাকৈ বালি সমুহ কৰ ফাকি দি অহা বুলি জানিব পৰা গৈছে৷ দিনে ১০-১২ খনকৈ বালিৰ ট্ৰাক খাৰুপেটীয়া আৰু ৰৌতা অঞ্চলৰ পৰা আহে যদিওঁ এই ক্ষেত্ৰত নিমাত বন বিভাগ। আৰু এনেদৰেই বন বিভাগৰ ছত্ৰছায়াত অবৈধ বালিৰ ব্যৱসায় চলিছে মঙলদৈত। কুৰুৱা আঞ্চলিক বন সংমণ্ডল আৰু মঙলদৈ বন বিভাগৰ ছত্ৰ-ছায়াত অবাধ হাৰত চলি আছে অবৈধ বালিৰ ব্যৱসায়। তাৰ মাজতে শনিবাৰে ৰাইজে এখন ট্ৰাক জব্দ কৰে৷ ট্ৰাক খনৰ লোকসকলে চালানবিহীন ভাবে বালি কঢ়িওৱাৰ কথা স্বীকাৰ কৰে৷