
যোৰহাটঃ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত হাতত অস্ত্ৰ লোৱাৰ ভাবুকি প্ৰদান কৰিলে বিশিষ্ট সাংবাদিক মনজিৎ মহন্তই৷ চৰকাৰক হাতত অস্ত্ৰ লোৱাৰ ভাবুকি প্ৰদান কৰি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দি কৃষক নেতা অখিল গগৈক জেলত ভৰাই থোৱাৰ সময়তে শনিবাৰে যোৰহাটত হাতত অস্ত্ৰ লোৱাৰ ভাবুকি প্ৰদান কৰিলে মনজিৎ মহন্তই৷ অসমীয়া জাতীৰ প্ৰভূত্ব অক্ষুন্ন ৰখাৰ স্বাৰ্থত শনিবাৰে কেবাটাও দল-সংগঠনে যোৰহাটত অনুষ্ঠিত কৰে এখন মত-বিনিময় সভা৷
অসমীয়া জাতীক শক্তিশালী কৰি ৰখাৰ স্বাৰ্থত যোৰহাট জিলা পুথিভড়ালত ৰাজ্য কেবাগৰাকী খিলঞ্জীয়া তথা জাতীয়তাবাদী সংগঠনক একত্ৰিত কৰাৰ লগতে যুৱ প্ৰজন্মৰ সৈতে মুখামুখি হৈ জাতীয় সমস্যা সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হয় মত-বিনিময় অনুষ্ঠানৰ৷
যোৰহাট জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা খিলঞ্জীয়াৰ দাবী আৰু অধিকাৰ শীৰ্ষক আলোচনা সভাৰ পৰিচলনা কৰে সাংবাদিক মনজিৎ মহন্তই৷মনজিৎ মহন্তই ভাষণ প্ৰসংগত অসমৰ অস্তীত্ব ৰক্ষা কৰিব লাগিলে আমাৰ তেল আৰু চাহ নিব দিয়া বন্ধ কৰিব লাগিব বুলি কয়৷ কেৱল ইমানে নহয় অসমীয়া জাতীৰ অস্তীত্ব ৰক্ষাৰ স্বাৰ্থত হাতত অস্ত্ৰ লোৱাৰ পোষকতা কৰে মহন্তই৷ অখিল গগৈক অস্ত্ৰ হাতত লম বুলি কওতেই গ্ৰেপ্তাৰ কৰি জেলত ৰাখিলে৷
আৰ এছ এছে মুকলিকৈ অস্ত্ৰ হাতত লৈ প্ৰশিক্ষণ লোৱা কাৰ্যক মুখ্যমন্ত্ৰী সোণোৱালে আত্মৰক্ষাৰ বাবে প্ৰশিক্ষণ ল’ব পাৰে বুলি কোৱা কথাষাৰক উভতি ধৰি মই আজি এই খন মঞ্চৰ পৰাই হাতত অস্ত্ৰ লম বুলি ঘোষণা কৰিলো বুলি কয় মহন্তই৷
জীতেন দত্তই অনুষ্ঠআনত উপস্থিত থাকি ৰাষ্ট্ৰদোহ কৰিবলৈ সাজু বুলি কয়৷ চৰকাৰকো প্ৰত্যাহ্বান জনায় দত্তই৷ ৰাষ্ট্ৰদ্ৰোহী কাম হাজাৰ বাৰ কৰি াম বুলি কয়৷ অসমৰ পৰা বাংলাদেশী বহিস্কাৰ কৰিবই লাগিব বুলি কয়৷ অসমৰ চৰ অঞ্চলৰ পৰা বাংলাদেশী খেদিবৰ বাবে দহ হাজাৰ যুৱকে চৰ অঢ়্চলত প্ৰবেশ কৰিব বুলি কয় দত্তই৷
সভাত বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকন, বিশিষ্ট অধিবক্তা নেকিবুৰ জামান, আলফাৰ সম্পাদক অনুপ চেতিয়াসহ কেবাটাও জাতীয় দল-সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকে৷
বীৰ লাচিত সেনা, অসম সুৰক্ষা সেনা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উদ্যোগত আৰু আলফাৰ কাক পথাৰ কেম্পৰ সহযোগত ৰাজ্যৰ যুৱ প্ৰজন্মৰ সৈতে মত বিনিময় অনুষ্ঠানত অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, অসমীয়া জাতীৰ প্ৰভূত্বৰ প্ৰতি সংকট আহি পৰিছে বুলি বক্তাসকলে মত প্ৰকাশ কৰে৷
শেহতীয়াকৈ চিলাপথাৰ কাণ্ড, নগাঁও কাণ্ড আৰু জুৰীয়া কাণ্ডই ইয়াকে প্ৰমাণ কৰে বুলি কৈ অসমীয়াই বহি থাকিল চিলাপথাৰত আছুৰ কাৰ্যালয়ত আক্ৰমণ, নগাঁৱত প্ৰাক্তন আলফাক আক্ৰমণ কৰাৰ দৰে অনা-অসমীয়াই আক্ৰমণ কৰি যাব বুলি কয় জনগোষ্ঠীয় নেতাসকলে।
একাংশ সন্দেহজনক লোকে নগাঁৱত থলুৱাক আক্ৰমণ কৰা ঘটনাক লৈয়ো চিন্তা ব্যক্ত কৰে৷ জুৰীয়াত অসমীয়াৰ চেনেহৰ গামোচা জ্বলাই অসমীয়াক আঘাত দিয়া বুলি কৈ ৰাজ্যত ক্ৰমান্বয়ে এটি জাতীয়তাবাদ বিৰোধি চক্ৰই শ্বহিদবেদী, সুধাকন্ঠৰ প্ৰতিচ্ছবি দলিওৱাৰ লগতে গামোচা জ্বলাই অসমত দপদপনি বঢ়াবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও এই দপদপনি একত্ৰিত হৈ বন্ধ কৰিব লাগিব বুলি কয় জাতীয় নেতাসকলে।