06
Nov
2018

ভুবনেশ্বৰঃ ওড়িষা আৰক্ষীৰ বিশেষ অভিযানকাৰী গোট এটাৰ সৈতে ৰাজ্যখনৰ মালকানগিৰি জিলাত হোৱা সংঘৰ্ষত পাঁচজন মাওবাদী নিহত হয়।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে, সোমবাৰে পুৱা ৫ঃ৩০ বজাত সংঘটিত এই সংঘৰ্ষত এগৰাকী মহিলা কেডাৰৰ লগত পাঁচজন লোক নিহত হয়। ঘটনাস্থলীৰপৰা আৰক্ষীয়ে দুটা ইনছাছ ৰাইফল, এটা এছ এল আৰ, এটা পইণ্ট ৩০৩ ৰাইফল আৰু গুলী-বাৰুদ উদ্ধাৰ কৰে।
তিনিটা মৃতদেহ ইতিমধ্যে চিনাক্ত কৰা হৈছে।