
newsnextone.com | মৰিয়নীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাতো অব্যাহত আছে অবৈধ কলা হীৰাৰ ব্যৱসায়৷ নাগালেণ্ডৰ পৰা একাংশ লোকে কয়লাৰ চোৰাং ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন হৈ অহাৰ লগতে আমাৰ যোৰহাট জিলাৰত লাখ লাখ টকাৰ অবৈধ কয়লাৰ ব্যৱসায় অব্যাহত আছে বুলি অভিযোগ উত্থাপন হয়৷
তাৰ মাজতে যোৰহাট জিলাৰ মৰিয়নী নগৰৰ পৰা ৪ কিঃ মিঃ নিলগৰ নিউ সোণোৱালত এটা অবৈধ কয়লা মজুত ৰখা ঘাটিত যোৱা দুদিন ধৰি অগ্লিকাণ্ড সংঘটিত হোৱাৰ পিছতো স্থানীয় প্ৰশাসন গুৰুত্ৰ আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে
অবৈধ কয়লা মজুত ৰখা ঘাটিত অগ্নিকাণ্ড সংঘটিত হোৱাত আতংকিত হৈ পৰিছে ৰাইজ৷ ৰাইজে অভিযোগ উত্থাপন কৰা মতে কয়লাৰ পানীয়ে খেতি বাতি নষ্ট কৰাৰ লগতে অঞ্চলটোত প্ৰদূষণৰ সৃষ্টি কৰি আহিছে৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী আদিয়ে ধেৱাৰা পৰা অসুবিধা ভোগ কৰি আহিছে৷ ইমানৰ পিছতে দেওবাৰৰ পৰা অগ্নিকাণ্ড সংঘটিত হৈ থকাক পিছতোঁ গুৰুত্ব প্ৰদান কৰা নাই স্থানীয় প্ৰশাসনে৷ যাৰ ফলত ওচৰৰ ৰাইজে ভয়ত দিন কটাবলগীয়া হৈছে৷ জানিব পৰা মতে, এগৰাকী ছালফাই উক্ত স্থানত অবৈধ ভাৱে কয়লা মজুত ৰাখি ব্যৱসায় কৰি গৈছে যদিও প্ৰশাসনে উচ্ছেদ কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷
স্থানীয় লোকে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে পাৱাৰগ্ৰীড কৰ্তৃপক্ষক অৱগত কৰে ৰাইজে৷ অগ্নিকাণ্ড সংঘটিত হোৱা ঠাইৰ সমীপতে পাৱাৰগ্ৰীড কৰ্তৃপক্ষৰ গাড়ী ৰখোৱা ঠাই আছে৷ অগ্নিকাণ্ড অধিক বৃদ্ধি হলে বৃহৎ অঘটন সংঘটিত হ’ব পাৰে৷ কয়লা প্ৰকৃততে কোনো মজুত কৰে সেই কথা স্থানীয়ে ৰাইজে অৱগত নহয়৷ এগৰাকী ছালফাই মাটি ভাঁড়াত লৈ অবৈধ কয়লা ৰাখি চোৰাং ব্যৱসায় কৰি যোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইেজ৷ সকলো দেখিও নিমাত আৰক্ষী প্ৰসাশন৷