বোকাজানঃ পশ্চিমবংগৰ দাৰ্জিলিং জিলাক গোৰ্খালেণ্ড নামাকৰণেৰে দেশৰ ৩০ সংখ্যক ৰাজ্য হিচাপে স্বীকৃতি প্ৰদানৰ দাবীৰে দাৰ্জিলিঙৰ গোৰ্খাসকলে অব্যাহত ৰখা দীৰ্ঘদিনীয়া আন্দোলনৰ সমৰ্থনত আৰু পশ্চিমবংগৰ মমতা বেনাৰ্জীৰ ৰাজ্যিক চৰকাৰখনে আৰক্ষী, অৰ্ধ-সামৰিক বাহিনীৰ জৰিয়তে আন্দোলনকাৰীৰ ওপৰত কৰা নিৰ্মম লাঠিচালনা, গুলীচালনা, হত্যা আদিৰ প্ৰতিবাদত আজি পুৱা ১০ বজাত বিশ্বৰ বিভিন্ন দেশৰ লগত সংগতি ৰাখি বোকাজানতো গ্ল'বেল গোৰ্খালেণ্ড ইউনিটি মঞ্চ, বোকাজানৰ আহ্বায়ক সমিতিৰ উদ্যোগত এক বিশাল শান্তি সমদল উলিওৱা হয় ৷

গ্ল'বেল গোৰ্খালেণ্ড ইউনিটি মঞ্চ, বোকাজানৰ আহ্বায়ক সমিতিৰ আহ্বানত বোকাজান, লাহৰিজান, গৌতমবস্তি আদি স্থানৰ কেইবাশতাধিক গোৰ্খা সম্প্ৰদায়ৰ সমদলকাৰীয়ে আমাক গোৰ্খালেণ্ড লাগিবই,  গোৰ্খালেণ্ড আমাৰ জন্মস্বত্ব অধিকাৰ, আমি গোৰ্খালেণ্ড সমৰ্থন কৰো, আমাৰ দাবী গোৰ্খালেণ্ড, ভাৰত মাতা কি জয় আদি বিভিন্ন শ্ল'গানেৰে বোকাজান নগৰৰ আকাশ বতাহ কঁপাই তোলে ৷

বিভিন্ন দাবী লিখিত বেনাৰ, ফেষ্টুন হাতে হাতে লৈ পুৰুষ-মহিলা, যুৱক-যুৱতী, আবাল, বৃদ্ধ, বনিতাই বোকাজানৰ অমৰাজানৰ পৰা শুভাৰম্ভ কৰা শান্তি সমদলৰ এটা দলে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায় এক কিলোমিটাৰ পথ পৰিভ্ৰমণ কৰি বোকাজান বিলাটি মাটি কাৰখানাৰ সন্মুখত লাহৰিজান আৰু গৌতমবস্তিৰ পৰা অহা আন এটা সমদলকাৰীৰ লগ লাগে ৷

পাছত দুয়োটা সমদলকাৰীৰ দল একত্ৰিত হৈ পুনৰ অমৰাজানৰ অভিমুখে আগবাঢ়ি যায় আৰু অমৰাজানস্থিত তেল ডিপোৰ সমীপত কাৰ্যসূচীৰ অন্ত পেলায় ৷ গোৰ্খালেণ্ডৰ দাবীৰে পশ্চিমবংগৰ দাৰ্জিলিঙত অব্যাহত থকা আন্দোলনে ১০৪ দিনত ভৰি দিলে যদিও আজি পৰ্যন্ত পশ্চিমবংগৰ ৰাজ্যিক চৰকাৰখনৰ লগতে কেন্দ্ৰীয় চৰকাৰেও গোৰ্খাসকলৰ এই দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই।

 বৰঞ্চ মমতা বেনাৰ্জীৰ ৰাজ্যিক চৰকাৰখনে আৰক্ষী তথা অৰ্ধ-সামৰিক বাহিনীৰ যোগেদি আন্দোলনকাৰীৰ ওপৰত নিৰ্বিঘ্নে লাঠিচালনা কৰাৰ ফলত হাজাৰোধিক আন্দোলনকাৰী আঘাতপ্ৰাপ্ত হৈ ঘুণীয়া হোৱাৰ লগতে আৰক্ষীৰ গুলীচালনাত বৰ্তমানলৈকে ৯ জনকৈ আন্দোলনকাৰী নিহত হ'বলগীয়া হৈছে বুলি গ্ল'বেল গোৰ্খালেণ্ড ইউনিটি মঞ্চৰ আহ্বায়ক ওমকাৰ চেত্ৰীয়ে অতি ক্ষোভেৰে জানিবলৈ দিয়ে৷

কাৰ্যসূচীৰ অন্তত পশ্চিমবংগৰ ৰাজ্যিক চৰকাৰে দাৰ্জিলিঙত আন্দোলনকাৰীৰ ওপৰত কৰা অমানুষিক অত্যাচাৰ, দমন তথা হত্যাৰ প্ৰতিবাদত আৰু গোৰ্খালেণ্ডৰ সমৰ্থনত গ্ল'বেল গোৰ্খালেণ্ড ইউনিটি মঞ্চ, বোকাজানৰ আহ্বায়ক সমিতিৰ মুখ্য আহ্বায়ক ভৰত কুমাৰ ৰত্ন স্বাক্ষৰিত এক স্মাৰক পত্ৰ কাৰ্বি আংলংৰ উপায়ুক্তৰ যোগেদি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰে৷