লিডুঃ তিনিচুকীয়া জিলাৰ ডিগবৈৰ বন সংমণ্ডলৰ অধিনষ্ঠ জাগুন, লেখাপানী, টিপং আদি অঞ্চলত এতিয়া চলিছে চোৰাং শিল-বালি আৰু কাঠৰ চোৰাং বেহা৷  একাংশ অসাধু চক্ৰই বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰে গোপন মিতিৰালী কৰি অবৈধভাৱে শিল বালিৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে৷ অভিযোগ উত্থাপিত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে৷ 

সংগঠনটোৰ স্পষ্ট অভিযোগ মহকুমাটোৰ জাগুন, লেখাপানীৰ আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত দিহিং আৰু টিৰাপ নৈত সম্প্ৰতি এচাম অসাধু কুখ্যাত শিল আৰু বালিৰ চোৰাং ব্যৱসায়ী চক্ৰই নিজকে  ৰাজনৈতিক আশিসধন্য বুলি ফুলজাৰি মাৰি অবাধ গতিৰে নৈ দুখনৰ পৰা শিল বালিৰ অবৈধ খনন কাৰ্য অব্যাহত ৰখাৰ বিপৰীতে একাংশই আকৌ বিয়াগোম বন বিভাগৰ দুৰ্বলতাৰ সুযোগ গ্ৰহন কৰি সংৰক্ষিত বনাঞ্চল সমূহ ধ্বংস কৰি অবাধ গতিত বনধংস যজ্ঞ অব্যাহত ৰাখিছে৷ কিন্তু সকলো জানিও যেন ধৃতৰাষ্ট্ৰৰ ভুমিকাত স্থানীয় বন বিভাগ৷ বিশেষ কৈ মহকুমাটোৰ অন্তৰ্গত ফুলবাৰী ঘাট, লামা ঘাট, জাগুন ঘাট আৰু ৱাৰাত ৰাষ্ট্ৰীয় বননীতিৰ আইন ব্যাপকভাৱে উলংঘা কৰি দিনি নিশাই জে চি বিৰে নৈৰ পৰা শিল বালি সংগ্ৰহ কৰি বিভিন্ন স্থানলৈ সৰবৰাহ কৰাৰ কৰা বুলি অভিযোগ পোৱা গৈছে৷ 

কেৱল শিল বালিয়েই নহয় জাগুন, লেখাপানী, টিপং আদি অঞ্চলত এতিয়া চোৰাং কাঠ ব্যৱসায়ী চক্ৰই সংৰক্ষিত বনাঞ্চল সমূহৰ মূল্যৱান গছ বন কাটি ধ্বংস যজ্ঞ অব্যাহত ৰখাৰ পিছতো বন বিভাগ মৌন থকা কাৰ্য্যক সংগঠনটোৱে গৰিহনা দিছে৷ সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই এই ক্ষেত্ৰত নিমাতী কইনাৰ ভাৱত অৱৰ্তীন হোৱা স্থানীয় বন বিভাগত শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে৷ ইফালে সংগঠনটোৱে এক বিবৃত্তি যোগে জানিবলৈ দিয়া অনুসৰি মহকুমাটোৰ জনৈক ফুকন, ৰাকেশ, বুবু, ছেত্ৰী, চেতিয়া, লামা, দত্ত, খান, উপাধিধাৰী কেইজনমান ব্যৱসায়ীয়ে বিগত সুদীৰ্ঘ সময় ধৰি বন বিভাগৰ চত্ৰছায়াতে এনে বেহা অব্যাহত ৰাখিছে যদিও মৌন স্থানীয় বন বিভাগ৷ ডিগবৈৰ বন সংমণ্ডৰ ডি এফ অ বিপুল বৰাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি এই সকল ব্যৱসায়ী সম্প্ৰতি এলেকাটোত উঠি ৰজা বহি ৰজা হোৱা বুলিও সংগঠনটোৱে অভিযোগ তুলিছে৷ 

পূৰ্বেও সংগঠনটোৱে অসমৰ বন মন্ত্ৰীৰ প্ৰতিকৃতিদাহ কৰি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিলক্ষিত নহ’ল৷ যাৰ পৰিপ্ৰেক্ষিতত আজি পুনৰ সংগঠনটোৱে মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে শিল বালিৰ তথা কাঠৰ অবৈধ সৰবৰাহ শীঘ্ৰেই বন্ধৰ দাবীত "লিডু ৰেলৱে ৰঙ্গমঞ্চত" এক ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ন কৰে৷ 

সংগঠনটোৱে অতি শীঘ্ৰেই মাৰ্ঘেৰিটা মহকুমাত চলি থকা শিল, বালিৰ লগতে কাঠৰ চোৰাং বজাৰ খন বন্ধ নহ’লে তীব্ৰ আন্দোলন কৰি প্ৰতিবাদ কৰিব বুলি কয়।