মৰিয়নীঃ বুধবাৰে মৰিয়নী শোলোঙাপাৰা গিৱণ অভ্যয়াৰণ্যৰ পশ্চিম দিশৰপৰা খাদ্যৰ সন্ধানত ওলাই অহা এদল বনৰীয়া হাতীৰ জাকৰ লগত এটা দিশভস্ত বনৰীয়া হাতীৰ সংঘৰ্ষ হয় ৷এই সংঘৰ্ষত জাকটোৰ আক্ৰমণত হাতীটো মৃত্যু হয় বুলি বনবিভাগে সন্দেহ কৰিছে৷

আজি বন্য হস্তীৰ মৃতদেহটো উদ্ধাৰ কৰে এদল স্থানীয় খৰিকটীয়াই খৰিকাটিবলৈ গৈ MES সেনাবাহিনী চাউনীৰ এডৰা ঘন হাবিৰ মাজত উদ্ধাৰ কৰে। কেইবাদিন পূৰ্বে হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে৷ ইতিমধ্যে, হাতীটোৰ শুৰৰ এটা অংশ কোনো বনৰীয়া জন্তুৱে ভক্ষণ কৰিছে লগতে হাতীটোৰ দেহৰ বিভিন্ন প্ৰান্তত গভীৰ আঘাতৰ চিন স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে।

ঘটনাস্থলীত বন বিভাগৰ লোক আৰু পশু চিকিৎসাক উপস্থিত হয় সাংবাদিকক জনাই যে হাতীটোৰ আন হাতীৰ লগত হোৱা যুদ্ধৰ ফলত মৃত্যুৰ প্ৰকৃত কাৰণ জানিব দিয়ে৷ লগতে, মৰিয়নী আঞ্চলিক বন বিভাগৰ কাৰ্যলয় আঞ্চলিক বিষয়াৰ লগতে যোৰহাট জিলা বন বিভাগৰ অন্তগৰ্ত উপপৰিদৰ্শকৰ লগতে প্ৰায় ১০ পৰা ১২ জনীয়া এটা বৃহৎ দলে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰাৰ লগতে হাতীটোৰ মৃতদেহৰ মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা সম্পূৰ্ণ কৰি সৎকাৰৰ ব্যৱস্থা কৰে৷