শুক্লাইঃ ৰাজ্যৰ বিভিন্ন প্ৰন্তৰ লগতে বিটিএডিৰ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ ভূটান পাহাৰত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ভুটান পাহাৰৰ পৰা বৈ অহা শুক্লাই, চামৰাং, দেওঁচুঙা আদি নৈৰ বাঢ়নী পানীয়ে সীমান্তৰ কেইবাখনো গাঁও বুৰাই পেলায়৷

হঠাৎ নৈ সমূহে কালৰূপ ধাৰণ কৰাত অঞ্চলটোৰ খেতি-বাতি, বহু মানুহৰ ঘৰ-বৰ উটুৱাই নিয়াৰ লগতে পোহনীয়া জীৱ-জন্তু উটুৱাই নিয়ে৷ ফলত বহু লোকে আশ্ৰয় শিবিৰত থাকিব লগা হয়৷ লৰা-ছোৱালীৰ কিতাপ পত্ৰ, কাপোৰ-কানি আদি উটুৱাই নিয়ে৷ যোৱা দুদিন ধৰি বৰষুণ নিদিয়াৰ ফলত ক্ৰমান্বয়ে পৰিবেশ স্বাভাবিক হ’ব ধৰিছে যদিও শ শ লোকে এসাজ ভাত, থকা ঠাইৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷

প্ৰশাসন তথা বিধায়ক-পৰিষদীয় সদস্যই বানাক্ৰান্তক পৰ্যাপ্ত সহায় নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ বানৰ কবলত পৰি হাহাকাৰ কৰি থকা লোকসকলক বহু পলমকৈ হলেও খবৰ ললে ননৈ ছেৰফাং পৰিষদীয় সমষ্টিৰ এম চি এল এ সুৰেশ তাঁতীয়ে৷ ভূটানৰ পৰা বৈ অহা তীব্রবেগী শুক্লাই, চামৰাং, দেওঁচুঙা আৰু পাঠৰ নৈৰ বাঢ়নী পানীয়ে জিলাখনৰ ননৈ ছেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নালাপাৰা, ৰজাগড়, সাতপুখুৰী, খৈৰাগ্ৰেন্ট, দেওঁচুঙা আদি অঞ্চলত মানুহৰ ঘৰ দুৱাৰৰ ক্ষতিসাধন কৰে।

বাঢ়নি পানীয়ে পথ খহাই নিয়াৰ ফলত যাতায়ত ব্যাহত হৈ পৰে৷ ৰাইজৰ এই দুখ-দুৰ্দশাৰ মাজতে আজি ননৈ ছেৰফাং ব্লক বি পি এফৰ এটি সঁজাতি দলে সদল বলে বান বিধবস্ত অঞ্চলটো পৰিদৰ্শন কৰে৷এম চি এল এ সুৰেশ তাঁতী সহ বি পি এফৰ সঁজাতি দলটোই অৰ্ধ শতাধিক বাইকেৰে বান বিধ্বস্ত অঞ্চলটো পৰিভ্ৰমণ কৰি ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক সাহায্য প্ৰদানৰ আশ্বাস দিয়ে।

একেদিনাই এম চি এল এ গৰাকীয়ে ৰজাগড় ভি চি ডি চিত ৰূপায়ন হৈ থকা বিভিন্ন উন্নয়ন মূলক কাম কাজো পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত এম চি এল এ গৰাকীয়ে ৰাইজৰ মতামতক গুৰুত্ব দি উন্নয়নমূলক কাম কাজসমূহ ৰূপায়ন কৰিবলৈ ঠিকাদাৰ আৰু দলীয় কৰ্মী সকলক নিৰ্দেশ দিয়ে।