14
Sep
2017

জোনাইঃ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত বুধবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত মিচিং ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
অনুষ্ঠানত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ শিক্ষা আৰু পুথিভঁৰাল বিভাগৰ কাৰ্যবাহী সদস্য ৰাজু মেদকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত মিচিং ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰি শিক্ষা আৰু মিচিং জাতিৰ আৰ্থসামাজিক দিশৰ ওপৰত বহল ভাৱে আলোকপাত কৰে।