18
Aug
2017

নলবাৰীঃ নলবাৰী জিলা পৰিষদৰ সভাকক্ষত আজি এখন সজাগতা সভা অনুষ্ঠিত হৈ য়ায৷ এমজিএনৰেগা সন্দৰ্ভত অনুষ্ঠিত সভাত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা উপস্থিত থাকে৷
বিধায়কগৰাকীয়ে পূৱ নলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ১০ খন গাঁও পঞ্চায়তলৈ সৰ্বমুঠ ৯ কোটি ৫৬ লাখ টকাৰ আবন্টন পত্ৰ পঞ্চায়ত সচিবসকলৰ মাজত বিতৰণ কৰে।
উক্ত সভাতে নলবাৰীৰ বিধায়ক অশোক কুমাৰ শৰ্মা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিৰ সভাপতি বনদ্বীপ ডেকাই এমজিএনৰেগা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। সভাত নলবাৰী জিলা পৰিষদৰ কাৰ্যবাহী বিষযা কৃষ্ণা বৰুৱা উপস্থিত থাকে৷