
গোৱালপাৰাঃ অহা ৩১ ডিচেম্বৰত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা৷ তাৰ মাজতে একাংশ লোক বিভিন্ন কাৰণত একাংশ লোক শংকিত হৈ পৰে৷ যাৰ ফলত প্ৰশাসনে বিভিন্ন ঠাইত সভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰাৰ চেষ্টা চলায়৷ সোমাবাৰে গোৱালপাৰা জিলাৰ খৰমুজাৰ গ্ৰাম্য পুথিভঁড়ালত জিলা প্ৰশাসনে দুই শতাধিক ৰাইজৰ উপস্থিতিত সজাগতা সভা অনুষ্ঠিত হয়।
বালিজানা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বন্তি তালুকদাৰে উপস্থিত ৰাইজক কোনো অশুভ শক্তিৰ প্ৰচাৰত ভোল নাযাবলৈ আহ্বান জনায়৷ কিবা শংকা থাকিলে প্ৰশাসনক জনাবলৈ কৈ সম্পূর্ণ সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰে৷ সভাত পশ্চিম গোৱালপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্বেখ শ্বাহ আলম, খৰমুজা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ চান্দুল্লা মিঞা, খৰমুজা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ৰহমত আলী, স্থানীয় মুৰব্বী আব্দুল হামিদ মহাজনৰ লগতে গন্য-মান্য ব্যক্তিসকলে ৰাইজক উদ্দেশ্যে ভাষণ আগবঢ়ায়৷