
গোলোকগঞ্জঃ ইছলামধৰ্মাৱলম্বী লোক সকলৰ আগন্তুক ঈদ-উজ-জোহা পালন সন্দৰ্ভত আজি ধুবুৰী জিলা প্ৰশাসনৰ উদোগচ এখন সভা অনুষ্ঠিত হৈ যায়৷ সভাৰ অন্তত শান্তি আৰু সাম্প্ৰতি ভাতৃত্ববোধেৰে ঈদ-উজ-জোহা পালন কৰিবলৈ ধুবুৰি জিলাৰ উপায়ুক্ত ধীৰাজ চৌধুৰীযে আহবান জনাই জিলা খনৰ লোকসকলক।
অহা দুই চেপ্তেম্বৰত পালন কৰিবলগীয়া উৎসৱ সুকলমে উদযাপন কৰাৰ উদ্দেশ্যে উপাযুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সভাত সকলো শ্ৰেণীৰ ৰাইজৰ পূৰ্ণ সহায় সহযোগিতা কামনা কৰে। ঈদৰ সফল উদযাপনৰ বাবে ঈদগাহ ময়দানৰ ওচৰত এম্বুলেঞ্চ সহ চিকিত্সকৰ দল সাজু ৰখা, পৰিস্কাৰ-পৰিচ্ছনতা, বিদ্যুতৰ যোগান ধৰা, নিৰাপত্তা জনিত দিশ আদি বিভিন্ন বিষয় সভাত আলোচনা কৰা হয়।
ঈদগাহ ময়দানলৈ যোৱা ড০ জাকিৰ হুছেইন পথটোৰ মেৰামতিৰ কামৰ নিবিদা অনুষ্ঠিত কৰাৰ পাছতো নিৰ্মাণৰ কাম আকম্ভ নকৰাত সভাত উপস্থিত নাগৰিক সকলে অসন্তষ্টি প্ৰকাশ কৰে। সভাত আৰক্ষী অধীক্ষক লংনিত টেৰাং অতিৰিক্ত উপাযুক্ত ইনামূল হুছেইন অতিৰিক্ত আৰক্ষী অধীক্ষক গুনেন্দ্ৰ ডেকা গড়কাপ্তানি (পথ) বিভাগৰ কাৰ্যবাহী অভিযন্তা ছিদ্দিকুৰ ৰহমান জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা ধুবুৰী পৌৰসভাৰ সভানেত্ৰী তমাম দাস প্ৰাত্তন বিধায়ক নজিবুল উমৰ আৰু ধ্ৰৱ কুমাৰ সেন ধুবুৰী ঈদগাহ সমিতি আৰু উকিল সন্থাৰ লোক উপস্থিত থাকে৷