চাবুৱাঃ ৰাজ্যৰ বিভিন্ন ঠাইত আজিও সাংবাদিকে নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে৷ ৰাজ্যৰ সাংবাদিক সংগঠনসমূহে সাংবাদিকৰ সুৰক্ষাৰ প্ৰশ্নটো বাৰে বাৰে উত্থাপন কৰে যদিও ৰাজ্যৰ কোনো চৰকাৰে আজিলে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হয়৷

আৰ্থিক সুৰক্ষাৰ বাবেও সাংবাদিক সকলে দাবী জনায় আহিছে যদিও গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হয়৷ তাৰ মাজতে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ সাংবাদিক সকলে সাংবাদিকৰ সুৰক্ষা, নিৰ্যাতন আদিৰ বিৰুদ্ধে মাত মাতিবলৈ গঠন কৰিছিল চাবুৱা মিডিয়া ফ'ৰাম৷

সমাজৰ অৱহেলিত শ্ৰেণীৰ হৈ মাত মতাৰ বাবে গঠন হোৱা সংগঠনটোৱে যোৱা ১৪ আগষ্টত এবছৰ সম্পুৰ্ণ কৰে৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে চাবুৱাৰ ভিনটেজ কম্পিউটাৰ একাডেমীত বিশেষ বৈঠক অনুষ্ঠিত হয়।

ফৰামৰ সভাপতি প্ৰফুল্ল কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত চাবুৱাৰ প্ৰতিটো সমস্যা সংবাদ মাধ্যমৰ জৰিয়তে দাঙি ধৰাৰ ঐক্যমতত উপনীত হয় সাংবাদিকসকল৷ এবছৰ সম্পুৰ্ণ কৰা ফ’ৰামে কেইবাটাওঁ কাৰ্যসূচী সফলতাৰে ৰূপায়ন কৰে।

সম্পাদক দিব্যজ্যোতি লাহনে আঁতধৰা সভাখন আগন্তুুক কাৰ্যপন্থা সন্দৰ্ভতো আলোচনা কৰা হয়। শেহতীয়াকৈ ৰাজ্য চৰকাৰে ঘোষণা কৰা সাংবাদিক পেঞ্চনৰ তালিকাত মফচলীয়া অঞ্চলৰ সাংবাদিকক গুৰুত্ব প্ৰদান নকৰাত আক্ষেপ প্ৰকাশ কৰে ফ’ৰামে।