নলবাৰীঃ ৰাজ্যৰ কৃষকে চৰকাৰে ৰূপায়ণ কৰা আঁচনিৰ পৰা বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত হৈ অহা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে মুকালমুৱাৰ চতেমাৰীত এখন কৃষক সজাগতা সভা অনুষ্ঠিত হয়৷ লাউপাৰা, অাঙৰাদী আৰু শ্যামৰায় পথাৰ পৰিচালনা সমিতিৰ উদ্যোগত কৃষক ক্ষেএ দিৱস উপলক্ষে অনুষ্ঠিত সজাগতা সভাত প্ৰায় শতাধিত কৃষক উপস্থিত থাকে৷

মুকালমুৱা কৃষি চক্ৰ বিষয়া ৰমেন ডেকাই অাঁত ধৰা সভাত নলবাৰী কৃষি বিভাগৰ উপ-সঞ্চালক হোমেশ্বৰ কলিতা, সহ-সঞ্চালক ডম্বৰুধৰ পাটোৱাৰী, বৰক্ষেত্ৰী কৃষি চক্ৰ বিষয়া ইউ দিপক সিং, উদ্যান শস্য বিষয়া জীতেন চহৰীয়া, কৃষি সম্প্ৰসাৰণ কৰ্মী বীৰেন মেধি সহ শতাধিক ৰাইজ উপস্থিত থাকে। বি জি অাৰ এ অাই অাঁচনিৰ অধিনত অনুষ্ঠিত হোৱা কৃষক ক্ষেত্ৰ দিৱসত বিষয়াসকলে কৃষকসকলক কৃষি কাৰ্যত ব্যৱহৃত সা-সজুলি, জৈৱিক সাৰ ব্যৱহাৰ সন্দৰ্ভত উপদেশ মূলক ভাষণ প্ৰদান কৰে।