মঙলদৈঃ নদীৰ বুকুত জাহ গ’ল বহু লোকৰ স্মৃতি৷ শৈশৱৰ স্মৃতি যেন জাহ গ’ল৷ শৈশৱৰ বহু স্মৃতি বিজড়িত এখন বিদ্যালয় নদীৰ বুকুত জাহ যোৱাৰ পাছতে স্মৃতি বিলীন হ’ল অগণন লোকৰ৷ গুণোৎসৱলৈ মাজত মাথো কেইদিনমান দি বাকী থকা অৱস্থাতে দৰং জিলাৰ এখন বিদ্যালয় ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি জাহ যোৱাৰ ঘটনাই বহু লোকৰ অন্তৰত দুখ দিয়ে৷

মঙলদৈ সমষ্টিৰ কলাইগাঁও শিক্ষাখণ্ডৰ চাউলখোৱা গাঁও পঞ্চায়তৰ একমাত্ৰ শিক্ষানুষ্ঠান এন চি অপৰীয়া স্কুল খন ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াৰ কৱলত পৰি অস্তিত্বহীন হৈ পৰে। কেৱল বিদ্যালয় খনেই নহয় বহুকেইখন গাঁৱৰ বহু মানুহৰ ঘৰ-বৰ, কৃষি ভূমি জাহ গৈছে নদীত৷ বছৰ বছৰ ধৰি খহনীয়াৰ তাণ্ডৱ অব্যাহত আছে যদিও চৰকাৰে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷

বছৰ বছৰ ধৰি হাহাকাৰ কৰি দিন পাৰ কৰিছে ৰাইজে৷ বৃহৎ অঞ্চলটোৰ ৰাইজে মূৰে কপালে হাত দিছে যদিও মন্ত্ৰী, বিধায়ক, উপায়ুক্তই গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ ২০০৪ চনত স্থাপন কৰা এন চি অপৰীয়া বিদ্যালয় খনৰ লগতে অঞ্চলটোৰ লোকৰ ঘৰ-বৰ, কৃষিভূমি, ৰক্ষা কৰাৰ বাবে স্থানীয় বিধায়কে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই৷

গুণোৎসৱলৈ মাজত মাথো কেইদিনমান দিন বাকী থকা অৱস্থাত বিদ্যালয়খন ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাত দিক বিদিক হেৰুৱাই হাহাকাৰ কৰিব লগা ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে৷ আনহাতে শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতক গুৰুত্ব আৰোপ নকৰাত ৰাইজে ওলাই আহি শ্ৰমদানেৰে কিছু নিলত বিদ্যালয় থন বাহ টিনেৰে নিৰ্মাণ কৰি দিয়ে৷

মঙলদৈ সমষ্টিৰ বিধায়কৰ খবৰ লবলৈ আহৰি নাই যদিও ৰাইজে টিন পাতৰ চালি সাজি দিয়াত পুনৰ পৰীক্ষা তথা পাঠদান আৰম্ভ হয়৷ আনহাতে, চাউলখোৱা পঞ্চায়তৰ ২নং অপৰীয়া গাঁৱত খহনীয়াত সকলো হেৰুৱাই বহু লোকে হাহাকাৰ কৰিব লগা হোৱাৰ সময়তো পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাত চৰকাৰ আমাৰ চকুলো নেদেখে বুলি ক্ষোভ উজাৰে ‌স্থানীয় ৰাইজে।