
কোকৰাঝাৰঃ কোকৰাঝাৰত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি ভঙাক কেন্দ্ৰ চাঞ্চল্য অদ্যাপি অব্যাহত আছে৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ সৈতে জৰিত থকাৰ সন্দেহত ২২ জনকৈ লোকক আটক কৰি সোধপোছ অব্যাহত ৰাখি পৰৱৰ্তী পৰ্যায়ত মোকলাই দিছে যদিও মূল অভিযুক্তক আজিও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷
উল্লেখ্য যে, কোকৰাঝাৰ চহৰৰ অভাৰ ব্ৰীজৰ তলত থকা ৰবীন্দ্ৰ নগৰৰ হনুমান মন্দিৰৰ সমীপত থকা ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তিটো যোৱা ১৩ মাৰ্চৰ নিশা দুৰ্বৃত্তই হাতুৰীৰে কোবাই ভাঙি পেলোৱাৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনাটোৰ সৈতে জৰিত থকা মূল অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছিল আৰক্ষীক৷ আৰক্ষীয়ে চহৰখনৰ বিভিন্ন অঞ্চলত অভিযান চলাই ২২ জনকৈ লোকক আটক কৰিছিল৷
ঘটনাক বিভিন্ন দল সংগঠনে তীব্ৰ গৰিহণা দি দোষীক গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী উত্থাপন কৰিছিল৷ সোমবাৰে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি আৰু পাৰ্ক পৰিচালনা সমিতিৰ সভাপতি সন্তোষ তৰফদাৰে কোকৰাঝাৰত এখন সাংবাদ মেলৰ আয়োজন কৰি ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ভঙা মূৰ্তিটো পুনৰ নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰিছে৷ প্ৰতিমূৰ্তিটো পূৰ্বৰ দৰে কোনো সালসলনি নকৰাকৈ যাতে নিৰ্মান কৰা হয় তাৰ বাবে চৰকাৰক আহবান জনাই সন্তোষ তৰফদাৰে৷
তদুপৰি প্ৰতিমূৰ্তিটো পুনৰ নিৰ্মানৰ পিছত দুষ্কৃতিকাৰীয়ে যাতে পুনৰাই প্ৰতিমূৰ্তিটো বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে চৰকাৰক নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰিবলৈ দাবী জনাই তৰফদাৰে৷ আনহাতে আৰক্ষীয়ে ঘটনাটোৰ সৈতে জৰিত থকা মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱা কাৰ্যকো ধিক্কাৰ দিয়ে সন্তোষ তৰফদাৰে৷ উল্লেখ্য যে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ শ্বহীদ বেদী স্মাৰক সমিতিয়ে কেইবাটাও দাবী উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক সুকীয়া সুকীয়াকৈ স্মাৰকপত্ৰ প্ৰেৰন কৰে৷