চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিৰ সোণাৰিবালি, গটঙাত, লাওখোৱাত আদিত বন্ধ সমৰ্থকৰ চূড়ান্ত বিক্ষোভ প্ৰদৰ্শন কৰে।

ধলাৰ হত্যাকাণ্ডৰ প্ৰতিবাদত একাংশ বাঙালী সংগঠনে দিয়া ২৪ ঘণ্টীয়া অসম বন্ধৰ সময়ছোৱাত সোণাৰিবালিত ট্ৰায়াৰ জ্বলাই ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰে প্ৰতিবাদকাৰীসকলে। গটঙাত আবদ্ধ হৈ আছে গুণোৎসৱৰ বাবে অহা বহু সংখ্যক শিক্ষক।

অঞ্চলটোৰ পৰিস্থিতিৰ ক্ৰমশঃ অৱনতি হ'বলৈ ধৰাৰ আশংকা কৰা হৈছে। উদ্ভণ্ড বন্ধ সমৰ্থকে ৰাজপথতে লণ্ড-ভণ্ড কৰিলে ASTC-ৰ যাত্ৰীবাহী বাছ।

চামগুৰি ৰাহজ চক্ৰ বিষয়া আৰু চামগুৰি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ঘটনাস্থলীত উপস্থিত হৈছে যদিও বাতৰি লিখা পৰলৈ ৰাজপথ মুকলি কৰিবলৈ সক্ষম হোৱা নাই।