ওদালগুৰি: বৃহস্পতিবাৰে জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰত পাক সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল ৪২ জনতকৈও অধিক চিআৰপিএফ জোৱান লগতে অৰ্ধ শতাধিক জোৱান কম-বেছি পৰিমাণে আহত হৈছিল। এই শ্বহীদসকলৰ ভিতৰত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আছিল অসমৰ বাক্সা জিলাৰ কলবাৰীৰ মহেশ্বৰ বসুমতাৰী নামৰ ৯৮ বি এন ৰ এজন জোৱান। 

ইয়াৰ পাছত হঠাৎ ওদালগুৰি চহৰত ভাইৰেল হৈ পৰিল এক খবৰ। তথ্য অনুসৰি এই শ্বহীদসকলৰ ভিতৰত আছে অসমৰ ওদালগুৰি জিলাৰ মিজিং বসুমতাৰী নামৰ আন এজন জম্মু কাশ্মীৰত কৰ্মৰত চি আৰ পি এফ জোৱান। খবৰটো বনজুইৰ দৰে বিয়পি পৰে বিভিন্ন ছ'চিয়েল মিডিয়াত। বহুজনে ২৫ বছৰীয়া মিজিং বসুমতাৰীৰ ফটো ছ'চিয়েল মিডিয়াত পোষ্ট কৰি শোক প্ৰস্তাৱ জনালে। 

ফলত জিলা প্ৰসাশন তথা সাংবাদিকসকলৰ মাজতো বিষয়টোৱে চৰ্চা লাভ কৰাৰ লগে লগে সকলোৱে খবৰটোৰ শুদ্ধতা নিৰূপনৰ বাবে ব্যস্ত হৈ পৰিল। ইয়াৰ পাছত পাছত ফেচবুকৰ উক্ত পোষ্টটো চকুত পৰিল জম্মু কাশ্মীৰত থকা মিজিং বসুমতাৰীৰ। 

লগে লগে মিজিঙে নিজৰ শুভাকাংশীসকলক উদ্দেশ্যি আজি পুৱা ৯:৩৫ বজাত ফেচবুকত এটা পোষ্ট কৰিলে। নিজৰ ফটোসহ মৃত্যুৰ বাতৰি প্ৰকাশিত এখন ফটো মিজিঙে ফেচবুকত পোষ্ট কৰি লিখিলে "এইটো নিউজ ফেক হয়, ম‌ই থিকে আছো একো হোৱা নাই...প্লিজ এই ফেক পোষ্টটো যাতে আৰু কোনেও শ্বেয়াৰ নকৰে।" 

মিজিঙৰ এই পোষ্টৰ পাছত তেওঁৰ শুভাকাংশী সকলৰ মাজত আনন্দৰ ভাৱ পৰিস্ফুত হোৱা দেখা গ'ল। মিজিঙৰ উক্ত ফেচবুক পোষ্টটোত অসংখ্যজনে শুভেচ্ছাবাণী প্ৰেৰণৰ লগতে শুভেচ্ছাবাণী প্ৰদান কৰে। ইয়াৰ পাছতে জিলা প্ৰশাসনৰ স্বস্তিৰ নিশ্বাস।

এতিয়া প্ৰশ্ন হয় কোনে কি কাৰণত এনে বাতৰি বিয়পালে? ছ'চিয়েল মিডিয়াৰ পৰিসৰ অকল্পনীয়। সেয়েহে ওদালগুৰিৰ সচেতন মহলে ছ'চিয়েল মিডিয়াৰ এনে নেতিবাচক প্ৰভাৱৰপৰা সচেতন হৈ থাকিবলৈ সকলোকে আহ্বান জনাইছে। এতিয়া সকলোৰে মুখেমুখে এষাৰেই বাক্য "কুশলে থাকক ওদালগুৰিৰ মিজিং বসুমতাৰী।"