
বিহালীঃ ৰাজ্যৰ ২৬ খন জিলা বানৰ কবলত পৰি সকলো হেৰুৱাই হাহাকাৰ কৰিবলগীয়া হৈছে৷ বিশেষকৈ কঠিয়া বানে নষ্ট কৰাত মূৰে-কপালে হাত দিব লগা হৈছে কৃষকসকলে৷
কৃষকৰ এনে দুৰৱস্থাৰ বাবেই বানে ধোৱা অঞ্চলসমূহত কৃষকক কঠিয়া যোগান ধৰিব ৰাজ্যৰ কৃষি বিভাগে। সেয়ে আজি বিশ্বনাথত পথাৰত নামিল জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্ত আৰু বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ।
বানাক্ৰান্ত কৃষকক কঠিয়া যোগান ধৰাৰ উদ্দেশ্যে ৰাজ্যৰ কৃষি বিভাগে ৫ হেক্টৰ মাটিত কঠিয়াৰ ধান ছটিয়াব বুলি জানিব পৰা গৈছে।
বিশ্বনাথ কৃষি মহাবিদ্যালয়ে কৃষি বিভাগৰ পৰা পৰামৰ্শ লৈ কঠিয়া সিঁচি প্ৰেৰণ কৰিব বান বিধস্ত অঞ্চলসমূহলৈ। বানত ক্ষতিগ্ৰস্ত হোৱা খেতিয়কৰ মুখত হাঁহি বিৰিঙাবৰ বাবেই এই প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি মন্ত্ৰী ৰঞ্জিত দত্তই জানিবলৈ দিছে।
আনহাতে কলেজীয়া দিনত নিজেই হাল বাই খেতি কৰা মন্ত্ৰী ৰঞ্জিত দত্তই বহু দিনৰ মূৰত বোকাময় পথাৰত নমিলে বুলি মন্তব্য কৰে। ইফালে বিধায়ক প্ৰমোদ বৰঠাকুৰো খেতি পথাৰত নামে।
ৰঞ্জিত দত্তৰ সৈতে দুয়ো সিঁচে ধানৰ বীজ। ১৯৯০ চনৰ পিছত পোন প্ৰথম বাৰৰ বাবে পথাৰত নামি পুৰণি সেই পথাৰখনলৈ মনত পৰিছে বুলি মন্তব্য কৰে বিধায়ক প্ৰমোদ বৰঠাকুৰে।