19
Oct
2017

প্ৰতিকী ফটো
চতিয়াঃ জামুগুৰিহাটৰ বগাবিল বৈমৰা নদীত এটি কিশোৰৰ সলিল সমাধি ঘটে৷ জানিব পৰা মতে চামধৰা পানীগাঁৱৰ জহুৰুদ্দিনৰ ১৩ বছৰীয়া পুত্ৰ হাছিনুৰ আহমেদে তিনি সহপাঠিৰ স’তে বৈমৰা নদীত গা ধুৱলৈ গৈছিল৷
তাৰ মাজতে নদীৰ দ পানীত বুৰ গৈ সলিল সমাধি ঘটে কিশোৰজনৰ৷ হাছিনুৰ আহমেদ ধলাইবিল মডেল ইংলিছ স্কুলৰ সপ্তম শ্ৰেনীৰ ছাত্ৰ আছিল৷ ইতিমধ্যে নৈৰ পৰা জামুগুৰি আৰক্ষীয়ে কিশোৰ জনৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
ইফালে হাছিনুৰক গা ধুৱলৈ ঘৰৰ পৰা মাতি নিয়া তিনি সহপাঠিৰ কোনো সন্ধান পোৱা নাই আৰক্ষী কিম্বা পৰিয়ালে৷