কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি থানাৰ অন্তৰ্গত পাটগাঁওৰ বাংলাঝোৰা গাঁৱত কালি নিশা এগৰাকী নাৱালিকাক বলাৎকাৰ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

প্ৰাপ্ত বাতৰি মতে বাংলাঝোৰাৰ শ্ৰমিক পৰিয়ালৰ কন্যা তথা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়ে কিবা কথাত পিতৃৰ দাবী ধমকি খাই নিজ ঘৰৰ পদুলিমুখলৈ ওলাই আহে। অসহায় ছোৱালীজনীক ৰাজমিস্ত্ৰী এজনে প্ৰত্যক্ষ কৰে আৰু আন্ধাৰৰ সুযোগ লৈ ৰাজমিস্ত্ৰীজনে নাৱালিকা গৰাকীক মুখত সোপা দি কাষৰ জংঘললৈ টানি লৈ যায়।

ৰাজমিস্ত্ৰী আব্দুল আলীয়ে মোবাইলেৰে আৰু দুজন বন্ধুক মাতি আনে আৰু তিনিও মিলি নাৱালিকাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰি জংঘলতে পেলাই থৈ পলায়ন কৰে।

ইফালে বহু সময় ধৰি নাৱালিকাগৰাকী ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ আৰম্ভ কৰে।অৱশেষত ঘৰৰ কাষৰে জংঘলত নাৱালিকাগৰাকীক উলংগ আৰু অচেতন অৱস্থাত উদ্ধাৰ কৰে।

⇒ তলৰ বাতৰিটো পঢ়িবলৈ ক্লিক কৰক

► 'গুগল'ৰ ধৃষ্টতা! অসমত জাপি দিলে বাংলা ভাষা

ধৰ্ষিতা নাৱালিকাগৰাকীয়ে চেতনা ঘূৰাই পোৱাৰ পিছত ধৰ্ষণকাৰী ৰাজমিস্ত্ৰী আব্দুল আলিক চিনি পোৱাৰ কথা সদৰী কৰি সমস্ত ঘটনা পৰিয়ালৰ আগত বিবৰি কয়। দলবদ্ধ ধৰ্ষণকাৰীৰ ভিতৰত এজন ৰাজমিস্ত্ৰী আব্দুল আলী বুলি চিনাক্ত কৰিছে যদিও আন দুজন ধৰ্ষণকাৰী অদ্যপি চিনাক্তকৰণ হোৱা নাই।

নাৱালিকাগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা ইতিমধ্যে পাটগাঁও আৰক্ষী চকীত ঘটনা সংক্ৰান্তত এজাহাৰ দাখিল কৰিছে। দলবদ্ধ ধৰ্ষণৰ উক্ত ঘটনাই পাটগাঁও অঞ্চলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমুলক শাস্তি দিয়াৰ দাবী উত্থাপিত হৈছে।