মোৰাঝাৰঃ হোজাই জিলাৰ কাকী থানাৰ অন্তৰ্গত কাকী টঙিয়া হাফিজি মাদ্ৰাছাৰ এগৰাকী ছাত্ৰ যোৱা ৬ দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

কাকী থানাৰ অন্তৰ্গত ২নং টঙিয়াৰ আব্দুল খালেকৰ একমাত্ৰ ১০ বছৰীয়া পুত্ৰ মোছাৰফ হুছেইনে ৬ দিন পূৰ্বে ঘৰৰ পৰা ওলাই গৈ আজিলৈকে ঘৰলৈ ওভতি অহা নাই৷

দৰিদ্ৰ পৰিয়ালটোৱে ৬টা দিনেই পুত্ৰ চিন্তাত কান্দি পাৰ কৰিব লগা হৈছে৷ পিতৃ-মাতৃয়ে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰি শুসূত্ৰ উলিযাব পৰা নাই পুত্ৰৰ৷ কোনো লোকে ছাত্ৰ জনৰ সম্ভেদ পালে 7086429003 নম্বৰত যোগাযোগ কৰিবলৈ পিতৃ-মাতৃয়ে অনুৰোধ জনায়।