গৰৈমাৰী ৰাজ্যত ইটোৰ পাছত সিটো নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে কামৰূপ জিলাৰ গৰৈমাৰিত এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষৰ চেষ্টা চলোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

প্ৰতিদিনে এচাম বিকৃত মানসিকতাৰ লোকৰ হাতত নিৰ্যাতিত হয় কিশোৰা জীয়ৰী, বোৱাৰী৷ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ পুখুৰীপাৰ নামৰ ঠাইত এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক এগৰাকী একে গাঁৱৰে লম্পট যুৱকে পথাৰলৈ ফুচলাই নি মূখত সোপা দি ধৰ্ষণৰ চেষ্টা চলাই৷

কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত পৰিয়ালৰ লোক উপস্থিত হৈ কিশোৰীক উদ্ধাৰ কৰে৷ কিশোৰীক যৌন নিৰ্যাতন চলোৱা একে গাঁৱৰে কাৰ্তিক সৰকাৰ নামৰ যুৱকজনে পলায়ন কৰে৷ সমগ্ৰ ঘটনা সংঘটিত হৈছিল শুকুৰবাৰে বিয়লি৷

কিশোৰীৰ পৰিয়ালে গৰৈমাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত গৰৈমাৰী আৰক্ষীয়ে কাৰ্তিক সৰকাৰ নামৰ যুৱকজনক আজি আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে৷