newsnextone.com | নগাঁওঃ অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত দক্ষিণ কলাডুৱা আঞ্চলিক সমিতিৰ উদ্যোগত সোমবাৰে এখন সভা অনুষ্ঠিত হয়৷ বিশিষ্ট সমাজসেৱক মৌলানা জমিৰ হুছেইনৰ সভাপতিত্বত দক্ষিণ কলাডুৱা ফুলতলা ঈদগাহ ময়দানত অনুষ্ঠিত হোৱা সভাখনত অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আবুবক্কৰ ছিদ্দিকে মুখ্য অতিথি হিচাপে উপস্থিত থাকি কয় যে এনআৰচিকলৈ ৰাইজ শংকিত হোৱাৰ কোনো কাৰণ নাই৷

আবুবক্কৰ ছিদ্দিকে কোনো এজন স্বদেশী নাগৰিকৰ নাম এনআৰচিৰ পৰা বাদ নপৰে বুলি কয়৷ কোনো এজন বিদেশীৰ নাম  এন আৰ চিত অন্তৰ্ভুক্ত নহয়৷ উৰা বাতৰিত ভোল নাযাবলৈ ৰাইজক আহ্বান জনায় আবুবক্কৰ ছিদ্দিকে কয় যে, সংখ্যালঘূ সমাজত বিশেষভাৱে শিশু শ্ৰমিক আৰু বাল্যবিবাহ প্ৰথাই গ্ৰাস কৰি উঠিছে। 

এই দুই প্ৰথাক যেতিয়ালৈকে নিঃশেষ কৰা নহয় তেতিয়ালৈকে সমাজত উন্নয়ন সাধন নহয়। শিশু শ্ৰমিক আৰু বাল্যবিবাহ প্ৰথা বন্ধ কৰাৰ বাবে সকলোকে ঐক্যবদ্ধ ভাৱে ওলাই আহিবলৈ আহবান জনায়। তেওঁ আৰু কয় যে সংগ্ৰাম পৰিষদে সদায়ে জাতিৰ স্বাৰ্থত কাম কৰি আহিছে। সভাখনত পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি এহিয়া হাচান আনচাৰীয়ে উপস্থিত থাকি কয় যে আমাৰ সমাজ ব্যৱস্থাক শিক্ষাৰ মাধ্যমেৰে পৰিবৰ্তন কৰিব লাগিব, তেতিয়াহে আমাৰ সমাজ পৰা ক্ৰমান্বয়ে কুসংস্কাৰ সমূহ নাইকিয়া হ’ব। 

সভাখনত ফকৰ উদ্দিনক সভাপতি আৰু আবু ছাহিদক সম্পাদক হিচাপে লৈ ২১ জনীয়া সংগ্ৰাম পৰিষদৰ বৃহত্তৰ দক্ষিণ কলাডুৱা  আঞ্চলিক সমিতিখন গঠন কৰা হয়। সভাখনত শিক্ষিত যুৱক মোস্তাকিম আলম, ইক্ৰামুল হুছেইনৰ প্ৰমুখ্যে অঞ্চলটোৰ প্ৰায় শতাধিক  লোক উপস্থিত আছিল।