
মাজুলীঃ সন্ধিয়াৰ গৰু চপাবলৈ গৈ উভটি নাহিল মাজুলীৰ কিশোৰ৷ ৩০ আগষ্টৰ দিনা বাপুৰাম মালা নামৰ ১৪ বছৰীয়া কিশোৰজনে আবেলি পৰত নাওখন লৈ ব্ৰহ্মপুত্ৰৰ চাপৰিলৈ গৰু আনিবলৈ গৈছিল৷ পিছে আবেলি পাৰ হৈ সন্ধিয়া হ’ল, সন্ধিয়া পাৰ হৈ ৰাতি৷ কিন্তু উভটি নাহিল বাপুৰাম৷ পাছদিনালৈকো উভটি নহাত পৰিয়ালত হুৱা-দুৱা লাগে৷
স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে ব্ৰহ্মপুত্ৰৰ চাপৰিসমূহত কিশোৰজনক বিচাৰি চলাথ কৰে৷ কিন্তু কোনো শুংসুত্ৰ নোলাল ১৪ বছৰীয়া বাপুৰামৰ৷ মাজুলীৰ ধনাই চাপৰিৰ কিশোৰজনৰ কোনো সম্ভেদ নোপোৱাত পৰায়াল আৰু অঞ্চলবাসীয়ে কিশোৰজনক ব্ৰহ্মপুত্ৰৰ কোবাল সোতে উটুৱাই নিয়া বুলি সন্দেহ কৰিছে৷
আনহাতে শুকুৰবাৰে নিমাতি ঘাটৰ একাংশ লোকে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত এখন নাৱত এজন যুৱক উটি গৈ থকা দেখিছিল যদিও মাছমৰীয়া বুলি ভাবি উদ্ধাৰ কৰাৰ পৰা বিৰত থাকিল। ইফালে বান বিধ্বস্ত লোকঘৰত উপায় বিহিন হৈ কান্দোনত ভাগি পৰিছে।
আনফালে নদী আৰক্ষীয়ে ল’ৰাজনক উদ্ধাৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাত দুৰ্ভগীয়া পৰিয়ালটোৰ আশা ভংগ হৈছে৷ স্থানীয় ৰাইজে শীঘ্ৰে ল’ৰাজনক উদ্ধাৰ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে৷