ঢেকীয়াজুলিঃ পিতৃ-মাতৃয়ে চকুলো টুকি দিন পাৰ কৰিছে সন্তানৰ মুখ খন এবাৰ চাবলৈ৷ ব্যাকুল হৈ পৰিছে পিতৃ-মাতৃ৷ কিয়নো তেওলোকৰ পুত্ৰ যোৱা কেইবা দিন ধৰি নিৰুদ্দেশ হৈ আছে৷ ঘৰৰ পৰা ওলাই গৈ ১৪ বছৰীয়া ইছমাইল হুছেইন উভটি অহা নাই ঘৰলৈ৷

পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ খোছাৰ কৰিও সন্ধান উলিয়াব পৰা নাই কিশোৰ জনৰ৷ শোণিতপুৰ জিলাৰ ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত এৰাসুঁতি গাঁৱৰ আব্দুল জলিলে পুত্ৰ ইছমাইল নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে শুংসূত্ৰ উদ্ধাৰ কৰিব পৰা নাই৷ ভেৰগাওঁ একাডেমীত ষষ্ঠ শ্ৰেণীত অধ্যয়ণৰত ছাত্ৰ জনৰ কোনো লোকে সম্ভেদ পালে 9613738301, 9613403536 নম্বৰত জনাবলৈ আহ্বান জনাই পৰিয়ালে৷