
হৰিশিঙাঃ গুৱাহাটী মহানগৰ আৰক্ষীয়ে ২৪ দিনে সন্ধান উলিয়াব পৰা নাই এগৰাকী বিবাহিত মহিলাৰ৷ যোৱা ২৪ দিনে মহানগৰ আৰক্ষীয়ে এগৰাকী মহিলাৰ শুংসুত্ৰ উলিয়াব নোৱাৰাত ক্ষোভিত হৈ পৰিছে মহিলাৰ পিতৃ-মাতৃ৷ মহানগৰীৰ পাঞ্জাবাৰীৰ বতাঘুলীৰ বাসিন্দা ৰাম কুমাৰ ৰাহাঙৰ পত্নী তথা এটি ছাৰি বছৰীয়া সন্তানৰ মাতৃ ৰিজুমনি ৰাহাং যোৱা ৪ ছেপ্তেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে৷
জানিব পৰা মতে, ৪ চেপ্তেম্বৰৰ পুৱা প্ৰায় ১০-৩০ বজাত বাঘৰগুৰীৰ মোমায়েকৰ ঘৰলৈ যাম ওলাই গৈ ২৪ দিনে নিৰুদ্দেশ হৈ আছে ৰিজুমণি৷ ওদালগুৰি জিলাৰ হৰিশিঙাৰ শস্ৰাপাৰা গাঁৱৰ প্ৰয়াত বুদ্ধিৰাম ডেকা আৰু কল্পনা ডেকাৰ কন্যা ৰিজুমণি নিৰুদ্দেশ হোৱাৰ খবৰ লাভ কৰাৰ পিছতে পিতৃ-মাতৃয়ে মহানগৰীৰ পাঞ্জাবাৰীৰ বতাঘুলীৰ জোৱায়েকৰ ঘৰত উপস্থিত হয়৷
ৰিজুমণিৰ পিতৃ-মাতৃয়ে নিৰুদ্দেশ সন্দৰ্ভত সাতগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷ ৰিজুমণিৰ পিতৃ-মাতৃয়ে আৰক্ষীয়ে ঘটনাক গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন কৰে৷ নিৰুদ্দেশ হোৱাৰ ২৪ দিন পাৰ হৈ যোৱাৰ পিছতো সাতগাঁও আৰক্ষীয়ে ৰিজুমণিৰ কোনো সম্ভেদ উলিয়াব নোৱাৰিলে৷ ৰিজুমণিৰ মাতৃ কল্পনা ডেকাই জোৱায়েক ৰাম কুমাৰ ৰাহাঙৰ বিৰুদ্ধে অবিযোগ উত্থাপন কৰি পত্নী নিৰুদ্দেশক লৈ গুৰুত্ব আৰোপ নকৰা বুলি কয়৷
নিৰুদ্দেশৰ ঘটনাৰ সৈতে জোৱায়েক জড়িত থকাৰো সন্দেহ কৰে কল্পনা ডেকাই৷ জোৱায়েকে গুৰুত্ব আৰোপ নকৰাত নিজ কন্যাৰ মমতাত দৰিদ্ৰ কল্পনাই হৰিশিঙাৰ পৰা গুৱাহাটীলৈ গৈ আৰক্ষীৰ সৈতে যোগাযোগ কৰি ভাগৰি পৰিছে৷ আৰক্ষীয়ে সহযোগ নকৰাৰ অভিযোগ উত্থাপন কৰিছে কল্পনাই। আনহাতে স্বামীৰ পৰিয়ালে নিৰুদ্দেশ সন্দৰ্ভত দায়সৰা মন্তব্য আগবঢ়োৱা বুলি জানিবলৈ দিয়ে ৰিজুমণিৰ মাতৃয়ে। চাৰি বছৰ পুৰ্বে ৰিজুমণিয়ে পাঞ্জাবাৰীৰ বতাঘুলীৰ বাসিন্দা ৰাম কুমাৰ ৰাহাঙৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল৷