23
Jun
2017

বঢ়মপুৰঃ ছয় দিনে সন্ধান নাই এগৰাকী টেট শিক্ষকৰ৷ যোৱা দেওবাৰে এটিএমৰ পৰা টকা উলিয়াবলৈ বুলি ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হৈ আছে টেট শিক্ষকজন।
সন্ধানহীন এই টেট শিক্ষকজন হৈছে চামগুৰিৰ গটঙা গাঁৱৰ চিতু দেৱনাথ। চামগুৰি নতুন চকীটোপ প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষকজনৰ বহু বিছাৰ-খোচাৰ কৰিও শুংসূত্ৰ উলিয়াব নোৱাৰি পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে চামগুৰি আৰক্ষী থানাত।
আৰক্ষীয়ে শিক্ষকজনৰ সন্ধান উলিয়াবলৈ সক্ষম নোহোৱাত গভীৰ শংকাৰ মাজত বিনীদ্ৰ ৰজনী কটাইছে চিতুৰ পৰিয়ালটোৱে। কোনো সদাশয় লোকে শিক্ষকজনৰ সম্ভেদ পালে ৮৮১২৯-২৫৮৬৪ নম্বৰত পৰিয়ালৰ লোকক জনাবলৈ অনুৰোধ জনাইছে জ্যেষ্ঠ ভাতৃ নিমাই দেৱনাথে।