ডিব্ৰুগড়ঃ ৮ দিনে সন্ধান নাই এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰৰ৷ পিতৃ-মাতৃয়ে ব্যাকুল হৈ পৰিছে মৰমৰ সন্তানক বিচাৰি৷ মোৰ পুত্ৰ কেতিয়া আহিব বুলি চিন্তাত দিন পাৰ কৰিছে পিতৃ-মাতৃয়ে৷

ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত নগাঘূলি গাঁৱৰ চেখাৱত অালীৰ পুত্র তথা সপ্তম শ্ৰেণীৰ ছাত্ৰ আবিদুল ৰহমান নিজ ঘৰৰ পৰাই নিৰুদ্দেশ হয়৷

যোৱা আঠদিনে নিৰুদ্দেশ হৈ থকাৰ পাছতো আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে মটক যুৱ ছাত্র পৰিষদ আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদে।

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱা আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সম্পাদক উদয়ন কুমাৰ গগৈয়ে এটি কিশোৰৰ ৮ দিনে আৰক্ষীয়ে শুংসূত্ৰ উলিয়াব নোৱাৰাটা লজ্জাৰ বিষয় বুলি কয়৷

মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰপত্তা নোহোৱা হোৱা বুলি কৈ দুয়োগৰাকী নেতাই আবিদুল ৰহমানৰ পিতৃ-মাতৃৰ অৱস্থাৰ কথা ভাবি আৰক্ষীক নিৰুদ্দেশৰ ঘটনাক গুৰুত্ব সহকাৰে ল'বলৈ দাবী জনায়৷

জনগোষ্ঠীয় অাৰু জাতীয় সংগঠনৰ দুয়োগৰাকী নেতাই কিশোৰ অাবিদুল ৰহমানক বিছাৰি উলিওৱাত ৰাইজকো সহায় কৰিবলৈ দাবী জনায়৷ আনহাতে কোনো লোকে সম্ভেদ পালে ৯৮৫৪৯১৮৩০১ নম্বৰত যোগাযোগ কৰিবলৈ ৰাইজক অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।