বালিপৰাঃ বহিঃৰাজ্যত কাম কৰিবলৈ গৈ পুনৰ নিৰুদ্দেশ হ’ল অসমৰ এজন যুৱক৷ বহিঃৰাজ্যত কাম বিছাৰি গৈ যোৱা ১০ মাহে নিৰুদ্দেশ হৈ থকাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে শোণিতপুৰত৷ শোণিতপুৰ জিলাৰ বালিপৰাৰ ননকে বাকোলা গাঁৱৰ উপেন বসুমতাৰী নামৰ লোকজন চেন্নাইত নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে৷

উপেন বসুমতাৰীয়ে যোৱা ফ্ৰেব্ৰুৱাৰী মাহত দ্বিজেন বসুমতাৰী নামৰ আন এজন লোকৰ সৈতে চেন্নাইৰ কোম্পানীত কাম কৰিবলৈ গৈছিল৷ একেলগে কাম কৰিবলৈ যোৱা দ্বিজেন বসুমতাৰী ঘৰলৈ আহিল যদিও উপেন বসুমতাৰী উভতি নহাত পৰিয়ালে চিন্তাত সময় পাৰ কৰিছে৷

উপেনৰ পত্নী-মাতৃ আৰু দুটা কন্যা সন্তানে আজিও বাট চাই আছে উপেন ঘৰলৈ উভতি আহিব। উপেন উভতি নহাত অতি কষ্টৰে পত্নীয়ে দুটা সন্তানৰ সৈতে দিন হাজিৰা কৰি দুখৰ দিন অতিবাহিত কৰিছে৷ ইতিমধ্যে পৰিয়ালে চাৰিদুৱাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হয়৷