
আমগুৰিঃ বহুচৰ্চিত অসমীয়া কথাছবি মিছন চাইনা এই পূজাৰ বতৰতে আহি আছে আমগুৰিবাসীৰ মাজলৈ। টিম মিছন চাইনাই দিয়া প্ৰতিশ্ৰুতি অনুসৰি চিনেমা হ'ল নথকা গ্ৰাম্য অঞ্চলৰ দৰ্শকৰ বাবে পূজাৰ বতৰতে মুকলি হ'ব এই ৩.৫ কোটিৰ ক্লাৱত পদাৰ্পন কৰা জুবিন গাৰ্গৰ শেহতীয়া ছবি মিছন চাইনা।
প্ৰায় ডেৰটা দশকৰ পাছত আমগুৰিবাসীয়ে ৰূপালী পৰ্দাত দেখিবলৈ পাব চিনেমা। তাকো বিগ বাজেটৰ এখন অসমীয়া চিনেমা। অহা ২৭,২৮ আৰু ২৯ ছেপ্তেম্বৰত আমগুৰিবাসীৰ মাজলৈ আহি আছে জুবিন গাৰ্গ পৰিচালিত আৰু গৰিমা শইকীয়া গাৰ্গ প্ৰযোজিত বহু চৰ্চিত অসমীয়া কথাছবি মিছন চাইনা। আমগুৰিৰ অগ্ৰণী অনুষ্ঠান আৰ্য্যশিখাৰ উদ্যোগত তিনিটা দিনৰ বাৱে প্ৰদৰ্শিত হ'ব লগা এই কথাছবিখন আমগুৰি পাব্লিক হ'লত প্ৰতিদিনে তিনিটাকৈ দৰ্শনী প্ৰদৰ্শিত হ'ব।
উদ্যোক্তাসকলে ফেচবুকৰ Creative Axom নামৰ এটা পেজৰ যোগেদি উপভোক্তাসকলক অনলাইন টিকট বুকিঙৰ সুবিধা প্ৰদান কৰাৰ উপৰিও আমগুৰি নগৰৰ দুটাকৈ স্থানত আগতীয়াকৈ চিনেমাখনৰ টিকেট ক্ৰয়ৰ সুবিধা আগবঢ়াইছে।
উল্লেখ্য যে, প্ৰায় ১৭ বছৰৰ পূৰ্বে আমগুৰি নগৰত শংকৰ চিনেমা হ'ল নামেৰে এটা হ'ল আছিল যদিও পাইৰেচিকে ধৰি বিভিন্ন কাৰণৰ পৰিপ্ৰেক্ষিতত এই চিনেমা হ'লটো বন্ধ হৈ পৰে। ফলস্বৰূপে ডাঙৰ পৰ্দাত চিনেমা চোৱাৰ পৰা দীৰ্ঘদিন ধৰি বঞ্চিত হৈ আছিল একাংশ আমগুৰিবাসী। শেহতীয়াকৈ এই খবৰে আমগুৰিবাসীৰ মাজলৈ কঢ়িয়াই আনিছে উছাহৰ ঢল।