
নলবাৰীঃ ইখনৰ পাছত সিখন বিদ্যালয়, স্বাস্থ কেন্দ্ৰ পৰ্যাবেক্ষণ কৰে নলবাৰীৰ বিধায়ক অশোক শৰ্মই৷ যোৱা দুদিন ধৰি সমষ্টিত থাকি নলবাৰী সদৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বাহঁজানী অঞ্চলৰ চৰকাৰী বিদ্যালয় আৰু উপ-স্বাস্থকেন্দ্ৰত উপস্থিত হৈ পৰিস্থিতি নিৰিক্ষন কৰে বিধায়ক অশোক কুমাৰ শৰ্মাই৷
বিগত সময়ছোৱাত বাহঁজানী অঞ্চলৰ উপ-স্বাস্থ কেন্দ্ৰসমূহৰ অচলাৱস্থাৰ খবৰ প্ৰকাশ হৈ অহাৰ মাজতে স্থানীয় বিধায়ক গৰাকীয়ে অঞ্চলটো ভ্ৰমন কৰি সমস্যাৰ জৰ্জৰিত অঞ্চলটোৰ বুজ লয়৷
বিধায়কগৰাকীয়ে নিৰ্নিয়মান পথ সমূহৰো অগ্ৰগতিৰ বুজ লোৱাৰ লগতে অঞ্চলটোৰ সাধাৰণ ৰাইজৰ সৈতেও বিভিন্ন সমস্যা সন্দৰ্ভত মত বিনিময় কৰে৷ বিধায়কগৰাকীয়ে মত বিনিময় অনুষ্ঠানত ৰাইজৰ ইচ্ছা আৰু সহযোগীতা কৰিলেহে সমস্যাৰে স্থায়ী সমাধান কৰিব পৰা যাব বুলি কয়৷